সামাজিক মাধ্যমৰ অপব্যৱহাৰেৰে ছাত্ৰীক মানসিক হাৰাশাস্তি

Niharika Mahanta

শেহতীয়াকৈ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৯শতাংশ নম্বৰেৰে মাজুলী জিলাৰ ভিতৰত সৰ্বোচ্চ স্থান পাইছিল নিহাৰিকা মহন্তই ৷ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা ছাত্ৰী গৰাকীৰ ঘৰত উপস্থিত হৈছিল সংবাদ মাধ্যমৰ লোক ৷ আগতে তেনে প্লেটফৰ্মত কথা কোৱাৰ অভ্যাস নথকা ভাল ফল দেখুওৱা নিহাৰিকাক কৰা হ’ল পৰীক্ষাৰ লগত জড়িত বহু প্ৰশ্ন ৷ তাৰ মাজতে তেওঁক সোধা হৈছিল তেওঁ ফলাফলক লৈ সুখীনে? তাৰ উত্তৰত ছাত্ৰী গৰাকীয়ে তেওঁ যে সম্পূৰ্ণ সুখী নহয় জনাইছিল ৷ তাৰ কাৰণ এটাই আছিল প্ৰায় ডেৰ বছৰৰ পৰীক্ষাৰ বাবে যোজাৰ অন্তত পৰীক্ষাত বহি পোৱা ৮০/৮৫/৯০ শতাংশ যি পালেও তেওঁ অধিক সুখী হ’ল হেঁতেন৷ কিয়নো সেই নম্বৰ তেওঁৰ সম্পূৰ্ণ কষ্টোপাৰ্জিত নম্বৰ হ’ল হেঁতেন বুলি তেওঁৰ বিশ্বাস ৷ 

কিন্তু এচাম সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মাধ্যমৰ অপপ্ৰয়োগেৰে সৰু ছোৱালীজনীৰ কথাৰ অন্য অৰ্থ উলিয়াই তাইক বিভিন্ন অশালীন মন্তব্য/ট্ৰ’লেৰে মানসিক ভাৱে হাৰাশাস্তি কৰি গ’ল ৷

উল্লেখ্য যে নিহাৰিকাই বৰ্তমান এটা ভিডিঅ’ৰ যোগেদি সকলো কথা স্পষ্ট কৰিছে ৷

সচেতন মহলৰ সেইসকললোকৰ ওচৰত এটাই প্ৰশ্ন যে, সামাজিক মাধ্যমৰ অপব্যৱহাৰেৰে এগৰাকী সৰু ছোৱালীক মানসিক হাৰাশাস্তি কৰাতো কিমান যুক্তিসংগত ? 

Your Comments