কামৰূপ জিলাৰ হালোগাঁঁৱত আৰম্ভ শিশুৰ নিউমেনিয়া প্ৰতিষেধক টীকাকৰণ

Pic

#বিশেষ প্ৰতিবেদক,হাজো:

সমগ্ৰ ৰাজ্যতে ৩০ জুনৰ পৰা আৰম্ভ হৈছে শিশুৰ নিউমেনিয়া প্ৰতিষেধক টীকাকৰণ। ইয়াৰ সমান্তৰালভাৱে কামৰূপতো শিশুৰ নিউমেনিয়াৰ প্ৰতিষেধক(পি চি ভি)প্ৰদানৰ শুভাৰম্ভ কৰা হয়।এই উদ্দেশ্যেৰে দিনৰ বাৰ বজাত শুৱালকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত হালোগাঁঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এখন সভা অনুষ্ঠিত কৰা হয়।৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাসৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যাত হালোগাঁঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ যুগল চন্দ্ৰ দাসে কয় বৰ্তমান সময়ত বহু শিশু নিউমেনিয়াত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে।যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি নিউমেনিয়াত যাতে শিশু আক্ৰান্ত নহয়,তাৰ বাবে প্ৰতিষেধক ছিটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি কামৰূপ জিলাতো ইয়াৰ শুভাৰম্ভ হোৱা বুলি কয়।

Pic

অনুষ্ঠানত উপস্থিত থাকি ডি আই অ ডাঃ পূৰৱী শইকীয়াই কয়,এই পি চি ভি প্ৰতিষেধক ভাৰতবৰ্ষৰ পাঁঁচ ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ,বিহাৰ ,মধ্যপ্ৰদেশ,হিমাচল প্ৰদেশ আৰু গুজৰাটত চলি আছিল যদিও অসমত হোৱা নাছিল।যিহেতু জন্মৰ পৰা পাঁঁচ বছৰৰ ভিতৰৰ ভালেসংখ্যক শিশু নিউমেনিয়াত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু বৰণ কৰিছে,তাৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে টীকাকৰণৰ ব্যৱস্থা কৰিছে।তাৰ পৰিপ্ৰেক্ষিতত ৩০ জুনৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাতে পি চি ভি প্ৰতিষেধক ছিটা প্ৰদানৰ শুভাৰম্ভ হোৱা বুলিও উল্লেখ কৰে স্বাস্থ্য বিষয়াগৰাকীয়ে। অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ উদ্যোগত আৰু কামৰূপৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াই আয়োজন কৰা কামৰূপৰ হালোগাঁঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৩০ জুুুনৰ পৰা জিলাখনত পি চি ভি ছিটা প্ৰদানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গুণগোৱিন্দ শৰ্মা,ডাঃগুঞ্জলি ৰঞ্জন শৰ্মা,এছ ডি এম অ(শুৱালকুছি) ডাঃদীপক চন্দ্ৰ দাস,হালোগাঁঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃযুগল চন্দ্ৰ দাস,বকোৰ এছ ডি এম ডাঃমহিতোষ বেনাৰ্জী,ডাঃহলিৰাম দাস,ডাঃ উৎপল শৰ্মা প্ৰমুখ্যে বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

Your Comments