চিকিৎসক,নাৰ্চ,কৰ্মচাৰীক সম্বৰ্ধনা খাতিকুছি আছুৰ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

ক'ভিড-১৯ ৰ দ্বিতীয় লহৰ চলি থাকোতেই ৩০ জুনত নলবাৰী জিলাৰ খাতিকুছিত থকা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত কৰ্মৰত ডাক্তৰ ,নাৰ্চ, পেৰামেডিকেল ষ্টাফ আৰু অন্যান্য কৰ্মচাৰীসকলৰ লগতে আৰক্ষী জোৱানসকলক ছাত্ৰ সন্থাই সম্বৰ্ধনা জনায়। কোভিডৰ চিকিৎসা সেৱাৰ সৈতে জড়িত প্ৰথম শ্ৰেণীৰ যোদ্ধাসকলক মূলত: উৎসাহিত কৰাৰ বাবে পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত উক্ত সম্বৰ্ধনা অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই চিকিৎসক, নাৰ্চ , কৰ্মচাৰীসকলক উদ্দেশ্য কৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়‌। উক্ত অনুষ্ঠানত সদৌ আসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজউদ্দিন আহমেদ,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, উপ-সভাপতি উৎপল কলিতা , কল্প ৰাজবংশী,সাধাৰণ সম্পাদক অক্ষয় ডেকা, সাংগঠনিক সম্পাদক ৰঞ্জিত শৰ্মা, মুস্তাক আহমেদ, মিলন দাস, পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ ভা:প্ৰাপ্ত সভাপতি অমৰজ্যোতি দাস, সাধাৰণ সম্পাদক হেমেন ৰবিদাস,বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃগেন দাস,সাধাৰণ সম্পাদক আতিকুৰ ৰহমান, আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সধাৰণ সম্পাদক নীলোৎপল দাস, সমাজকৰ্মী বাবুল বসুমতাৰীৰ লগতে ভালেসংখ্যক ছাত্ৰকৰ্মী উপস্থিত থাকে।সম্বৰ্ধনা অনুষ্ঠানত চিকিৎসালয়খনৰ অধীক্ষক ডা: শৈলেন্দ্ৰ ঠাকুৰীয়াই শুভেচ্ছামুলক বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানতেই চিকিৎসালয়খনৰ কোভিড ৰোগীসকলৰ মাজত ছাত্ৰ সন্থাই ফল-মূল,ORSL আদি বিতৰণ কৰে।ছাত্ৰ সন্থাৰ নেতৃত্বই চিকিৎসালয়খনৰ মূল সমস্যা , বিদ্যুতৰ সমস্যা আৰু বিশুদ্ধ খোৱা পানীৰ সমস্যা অতি শীঘ্ৰে সমাধান কৰাৰ বাবে চৰকাৰক বিভাগীয়ভাৱে দাবী উত্থাপন কৰিছে।

Your Comments

Related Articles