"বিজেপি বিৰোধী শক্তিশালী প্ৰাৰ্থীক বিটিচিৰ জনতাই ভোট দিয়ক"-অবড়ো সুৰক্ষা সমিতি

Pic

বিটিচিবাসীক বিবেক ভোট দিয়াৰ আহ্বান অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্তৰ।মহন্তৰ আহ্বান-"গণশত্ৰুৰ পৰ্যায়লৈ পৰ্যবসিত বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত বিৰোধী শক্তিশালী প্ৰাৰ্থীক ভোট দিয়ক বিটিচিবাসী জনতাই।"

উল্লেখ যে বিধানসভা নির্বাচনত বিটিচিৰ ১২টা সমষ্টিৰ তিনিটাত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে। "অবড়ো সুৰক্ষা সমিতি প্ৰতাৰক নহয়।বিটিচিবাসীয়ে এই কথা জানে।নৱ কুমাৰ শৰণীয়াই বিটিচিৰ জনতাক প্ৰতাৰণা কৰাৰ ফল ভুগিব"-মহন্তই লগতে কয়।

"বিটিচি পৰিষদ অগণতান্ত্ৰিকভাৱে গঠন কৰিছিল বিজেপি- ইউপিপিএলে মিলি"-মহন্তই মন্তব্য কৰে। "বিটিআৰ চুক্তিৰ ৭.২ ধাৰা মতে অবড়োসকলক উচ্ছেদ কৰাৰ বাবে জাননী জাৰি কৰিছে।কিন্তু নিৰ্বাচনৰ বাবে এই জাননী স্থগিত ৰখা হৈছে"-মহন্তই কয়।অবড়োসকলৰ ভূমি সুৰক্ষাৰ স্বাৰ্থত অবড়ো সুৰক্ষা      সমিতিয়ে প্ৰাৰ্থিত্ব  প্ৰদান কৰিছে।"

Your Comments