'কা' বাতিল আৰু অসম চুক্তি ৰূপায়ণৰ দাবীত গুৱাহাটীত 'আছু'ৰ অনশন কাৰ্যসূচী ৰূপায়ণ

Aasu

অসম চুক্তি ৰূপায়ণ,নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিলৰ দাবীত বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই  ৰূপায়ণ কৰিছে অনশন কাৰ্যসূচী।আছুৰ আহ্বান মৰ্মে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই দীঘলীপুখুৰীৰ পাৰত ৰূপায়ন কৰিছে ১১ঘণ্টীয়া অনশন কাৰ্যসূচী।

গুৱাহাটীৰ প্ৰায় শতাধিক আছু কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।প্ৰতিবাদত বিজেপি চৰকাৰক কটু সমালোচনা কৰি কয় যে ২০১৬ চনত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত অসম চুক্তি আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতিৰ পাঁচ বছৰে কোনো ফলাফল নাপালে অসমবাসীয়ে।
অসমৰ জনসাধাৰণক বিভ্ৰান্ত নকৰি বিজেপি দলে স্থিতি স্পষ্ট কৰক।

গণতান্ত্ৰিক আন্দোলনক কোনো গুৰুত্ব নিদিলে বিজেপি চৰকাৰে।অসম চুক্তি কোনো এটা দফা কাৰ্য্যকৰী নকৰি '২১ৰ নিৰ্বাচনী ইস্তাহাৰত 'কা' বলৱৎ কৰা হ'ব বুলি দম্ভালি মাৰি ঘোষণা কৰিছে।অসম বিৰোধী বিজেপিৰ এনে কাৰ্যৰ এনেদৰে গৰিহণা দিয়ে কামৰূপ(ম) ছাত্ৰ সন্থাৰ সম্পাদক লুকুমণি কলিতাই ৷

প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন কৰা ৬নং দফাৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ নকৰাটোতো ক্ষুদ্ধ হৈ পৰে আছুকর্মীসকল।"'কা' বলৱৎ কৰিম বুলি কোৱা এজন নেতাইও অসম চুক্তি ৰূপায়ণ কৰিম বুলি ক'ব নোৱাৰটো লজ্জাজনক বিষয়"-কলিতাই লগতে কয়।


অসম চুক্তি ৰূপায়ণ কৰি অবৈধ বিদেশী সমস্যা সামাধান কৰি 'কা' বাতিল কৰক।অন্যথা আন্দোলন অধিক তীব্রতৰ হ'ব।সকীয়াই দিয়ে প্ৰতিবাদী আছুু সদস্যসকলে।

Your Comments