বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত এআইইউডিএফক বাদ দি বিৰোধী ঐক্যবদ্ধ হওঁক:'প্ৰয়োজনত মই নিৰ্বাচন নেখেলো'- অখিল গগৈ

Akhil Gogoi

ৰাজ্যৰ বিৰোধী শক্তিলৈ 'ৰাইজৰ দল'ৰ কাৰাবন্দী সভাপতি অখিল গগৈৰ বিশেষ পত্ৰ।জিএমচিএইচৰ পৰা কাৰবন্দী গগৈয়ে বিজেপিক পৰাস্ত কৰা স্বাৰ্থত বিৰোধী শক্তিসমূহক ঐক্যবদ্ধ হোৱাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰাৰ বাবে আহ্বান।আদৰ্শগত পাৰ্থক্য থকাৰ পিছতো কেৱল সাম্প্ৰদায়িক বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত বিৰোধী শক্তিসমূহক ঐক্যবদ্ধ ৰণনীতি প্ৰস্তুত কৰি নির্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে আহ্বান জনায় কাৰাবন্দী নেতাগৰাকীয়ে।

Pic

'অসমত বিজেপিৰ বিৰুদ্ধে এজন প্ৰাৰ্থী দিয়ক।বিভক্ত বিৰোধী দলে বিজেপিক বিজয়ৰ পথ উলিয়াই নিদিব।'জিএমচিএইচৰ পৰা প্ৰেৰণ কৰা পত্ৰখনত গগৈয়ে বিৰোধী শক্তিসমূহক আহ্বান জনাই লিখিছে এইদৰে-"২১ৰ বিধানসভাৰ নির্বাচনত সাম্প্ৰদায়িক ফেচিবাদী বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত সকলো বিৰোধী দলে উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাওক আৰু বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে কেৱল এজন প্ৰাৰ্থী থিয় কৰোৱাৰ সিদ্ধান্ত লওঁক।"

Pic

বিৰোধী দলসমূহৰ সাম্প্রতিক ৰাজনৈতিক কৌশল বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ বাবে যথোপযুক্ত নহয় বুলিও কাৰবন্দী নেতাগৰাকীয়ে পত্ৰত উল্লেখ কৰিছে।

Pic

পত্ৰখনত কংগ্ৰেছ, চিপিআই, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই(এম), আঞ্চলিক গণ মৰ্চা, চিপিআই (এমএল) বিৰোধী পক্ষ বুলি উল্লেখ কৰি তেওঁ কয়- "সচেতনভাৱে এটা ৰাজনৈতিক দলক মই আঁতৰাই ৰাখিছোঁ।সেইটো হ'ল এআইইউডিএফ।সাম্প্ৰদায়িক ফেচিষ্ট বিজেপিক বিৰোধিতা কৰিবলৈ অন্য এটা সাম্প্ৰদায়িক আৰু মৌলবাদী ধ্যান-ধাৰণাৰ দলক আমি লগত লোৱাটো কামনা নকৰো।এই দলক লগত ললে আমি নৈতিক, মতাদৰ্শগত আৰু ৰাজনৈতিকভাৱে দুৰ্বল হৈ পৰিম।বিজেপি-এআইইউডিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।"

Pic

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাসহ এটা দলে কাৰবন্দী গগৈক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত এআইইউডিএফৰে মিত্ৰতা ঐতিহাসিক ভুল সিদ্ধান্ত বুলি আখ্যা দিয়াৰ কথাও পত্ৰত উল্লেখ কৰিছে গগৈয়ে।

Pic

'ৰাইজৰ দল'ৰ সভাপতি হিচাপে বিৰোধী শক্তিসমূহক ঐক্যবদ্ধ ৰণকৌশল প্ৰস্তুত কৰাৰ আহ্বান জনাই তেওঁ কয়-"আমি সৰ্বোচ্চ ত্যাগৰ বাবে সাজু।প্ৰয়োজনত মই ব্যক্তিগতভাৱে নির্বাচনত অৱতীৰ্ণ হ'বলৈও প্ৰস্তুত।"

গুৰুত্বপূৰ্ণ যে  কাৰাবন্দী সভাপতি গগৈৰ পত্ৰখন 'ৰাইজৰ দল'ৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ৰাজহুৱা কৰে দলটোৰ কাৰ্যকৰী সভাপতি ভাস্ক'-ডি শইকীয়াই।

তাৎপৰ্যপূৰ্ণ যে ভাস্ক'-ডি শইকীয়াই কয় যে এজেপি-ৰাইজৰ দলে মিত্ৰতাৰে অৱতীৰ্ণ হ'ব অহা নির্বাচনত।ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলক কেৱল বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত এআইইউডিএফৰ সংগ ত্যাগ কৰাৰ   বাবে তেওঁ আহ্বান জনায়।

জনায়।

Your Comments