জিএমচিএইচত অখিল গগৈৰ কোঠাত আজি চূড়ান্ত হ'ব ৰাইজৰ দল-এজেপিৰ আসন বুজা-বুজি

#AkhilGogoi

*এজেপি সভাপতি লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈয়ে চূড়ান্ত কৰিব আসন বুজাবুজি* 

আজি চূড়ান্ত হ'ব এজেপি-ৰাইজ দলৰ আসন বুজাবুজি।গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে আসন বুজাবুজিৰ চূূড়ান্ত বৈঠকত মিলিত হ'ব এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ।আজি বিয়লি ভাগত অনুষ্ঠিত হ'ব আসন বুজা-বুজিৰ চূড়ান্ত বৈঠকখন।উল্লেখ যে প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ ৩০টা সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থিত্ব বিচাৰিছে এজেপিৰ পৰা।

ইফালে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আজিৰে পৰা প্ৰাৰ্থীৰ আবেদন গ্ৰহণ কৰিছে।

ৰাইজৰ দলৰ এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ মতে প্ৰথম পৰ্যায়ৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা আজি সন্ধিয়াৰ ভাগত প্ৰকাশ কৰিব দলে। সংবাদমেলত ঘোষণা কৰা হ'ব প্ৰাৰ্থীৰ চূড়ান্ত তালিকা।

Your Comments