ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক 'আছু'ৰ সকীয়নী!"সাংবিধানিক স্বীকৃতি নোপোৱাকৈ আছুৰ স্থিতিত মতামত নকৰিব"-শংকৰজ্যোতি বৰুৱা

Pic

সদৌ অসম ছাত্ৰ সন্থাত সঁচাকৈ গুৰুত্বহীন হ'ব নেকি প্ৰাক্তন উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য!'আছু'ৰ বৰ্তমানৰ নেতৃত্বই ডঃ ভট্টাচাৰ্যক পুনৰ মুখ্য উপদেষ্টা বা উপদেষ্টা হিচাপে দায়িত্ব অৰ্পণ কৰিবলৈ বিচাৰ নাই নেকি?আৰম্ভ হৈছে নেকি নেতৃত্বৰে ডঃ ভট্টাচাৰ্যৰ সংঘাত!তেজপুৰত এখন সংবাদমেলত সংগঠনটোৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ডঃ ভট্টাচাৰ্যলৈ সকীয়নী!"সাংবিধানিক স্বীকৃতি নোপোৱাকৈ আছুৰ স্থিতিত মতামত নকৰিব।"

ডঃ ভট্টাচাৰ্যক উদ্দেশ্য কৰি শংকৰজ্যোতিয়ে কয়-'সদৌ অসম ছাত্ৰ সন্থাৰ বিগত কাৰ্যনিৰ্বাহকৰ যিগৰাকী উপদেষ্টা তেখেত এতিয়াও আছুৰ সাংবিধানিক উপদেষ্টা হোৱা নাই।কাৰণ,আমাৰ সংবিধান অনুযায়ী কাৰ্যনিৰ্বাহক সমিতিয়ে নিৰ্ধাৰণ কৰে যে আছুৰ উপদেষ্টা বা মুখ্য উপদেষ্টা কোন হ'ব।কিন্তু বিভিন্ন কাৰণ বা অন্য কাৰ্যসূচীৰ বাবে আছুৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱা নাই।যেতিয়া কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব,সেই কাৰ্যনিৰ্বাহকে তেওঁ উপদেষ্টা নে মুখ্য উপদেষ্টা নে অন্য ধৰণে কাৰ্যনিৰ্বাহ কৰে সিদ্ধান্ত ল'ব।যেতিয়া তেখেতে সাংবিধানিকভাৱে আছুৰ উপদেষ্টা বা মুখ্য উপদেষ্টা হ'ব,তেতিয়া আছুক লৈ মন্তব্য।বা স্থিতি কি প্ৰকাশ কৰিব।কিন্তু বৰ্তমান সভাপতি-সম্পাদকে আছুৰ স্থিতি ৰাইজক প্ৰকাশ কৰি আহিছোঁ।" ৰাজনৈতিক সচেতনতা প্ৰকাশ কৰি আহি থাকিব লগা দিনসমূহত আঞ্চলিক ভাৱাম্পন্ন দলসমূহক আছুৱে সহায় কৰিব বুলি তেজপুৰ সংবাদমেলত বৰুৱাই কয়। উল্লেখ যে ডঃ ভট্টাচাৰ্যই ব্যক্তিগতভাৱে মতামত দিব পাৰে তাত কথা নাই।কিন্তু আছুৰ মন্তব্য বা স্থিতি সম্পৰ্কত তেওঁক ব্যাখ্যা নকৰিবলৈ আহ্বান সাধাৰণ সম্পাদক বৰুৱাৰ।

তাৎপৰ্যপূৰ্ণ যে আছুৰ দুলীয়াজান অধিৱেশনত ডঃ ভট্টাচাৰ্যই আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল।কিন্তু পৰৱৰ্তী সময়ত প্ৰতিনিধিবৰ্গ আহ্বান মৰ্মে পুনৰ বিবেকক সুধি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিছিল।তাৰ বাবে কিছুদিনৰ সময় লৈছিল।পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ নতুন কমিটীৰ দায়িত্ব গ্ৰহণ অনুষ্ঠানত ডঃ ভট্টাচাৰ্যই আছুত থাকিব বুলি আনুষ্ঠানিক ঘোষণা কৰিছিল।

Your Comments