দিল্লীস্থিত আকাশবাণী কেন্দ্ৰত অগ্নিকাণ্ড

Pic

দিল্লীস্থিত আকাশবাণী কেন্দ্ৰত অগ্নিকাণ্ড দেওবাৰে পুৱা ৰাজধানী দিল্লীৰ সংসদ মাৰ্গত অৱস্থিত আকাশবাণী কেন্দ্ৰত জুই লগাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কেন্দ্ৰৰ প্ৰথম মহলাত এই অগ্নিকাণ্ড সংঘটিত হৈছে । জুই নিৰ্বাপনৰ বাবে ঘটনাস্থলীত উপস্থিত হয়হি অগ্নি নিৰ্বাপক বাহিনী। এই ঘটনাত আহত হোৱাৰ কোনো খবৰ বৰ্তমানলৈকে পোৱা হোৱা নাই।

দিল্লী অগ্নি নিৰ্বাপক বাহিনীৰপৰা পোৱা খবৰ অনুসৰি পুৱা প্ৰায় ৫ বাজি ৫৭ মিনিটত এই ঘটনা সংঘটিত হৈছিল । জানিব পৰা অনুসৰি প্ৰথম মহলাৰ ১০১ নম্বৰ কোঠাত সূত্ৰপাত হোৱা অগ্নিকাণ্ড শ্বৰ্ট চাকিৰ্টৰ ফলত সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।ঘটনাৰ লগে লগেই ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ ৮খনকৈ বাহন ।

Your Comments