বঙাইগাঁৱত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ 

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ২৩ জানুৱাৰীত বঙাইগাঁৱতো নাগৰিকত্ব সংশোধনী আইন ২০১৯ ( কা) বাতিল ,পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০( ইআইএ) প্ৰত্যাহাৰ আৰু অসম চুক্তি অনুসৰি জ্বলন্ত বিদেশী সমস্যা সমাধানৰ দাবীত বঙাইগাঁও জিলা ছাত্ৰ সন্থাই দুঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও জিলা আছুৰ মুখ্য কাৰ্যালয় ছহিদ ভৱনৰ চৌহদত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত আছু কৰ্মীসকলে মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে বিভিন্ন শ্ল'গানো দিয়ে ৷ ইপিনে, কাৰ্যসূচীত অংশ গ্ৰহণ কৰি জিলা আছুৰ সাধাৰণ সম্পাদক জ্যোতি শংকৰ চৌধুৰীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে আজিৰ তাৰিখত বিশ্বৰ সবাতকৈ মিছলীয়া ব্যক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি অসমলৈ আহিছে ৷ কিন্তু যিসময়ত অসমলৈ আহিব লাগিছিল সেই সময়ত নাহে ৷ বানপানীৰ সময়ত যেতিয়া অসমৰ ৰাইজে ককবকাই আছিল,তেতিয়া কিন্তু তেওঁৰ অসমলৈ আহিবলৈ আহৰি নাছিল ৷ এতিয়া ভূমি পট্টা বিতৰণ কৰিবলৈ আহিছে ৷ যিটো কাম এজন ৰাজহ চক্ৰ বিষয়া অথবা মহকুমাধিপতিৰ দ্বাৰাই কৰিব পাৰে বুলিও কয় ৷ জিলা আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে চৰকাৰে উপৰোক্ত দাবীসমূহ সমাধান নকৰালৈকে আছুৱে আন্দোলন অব্যাহত ৰাখিব বুলিও কয় ৷ বিক্ষোভ কাৰ্যসূচীত জিলা আছুৰ সভাপতি যিনোদ কুমাৰ নাথ , সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হিৰণ্য কুমাৰ ৰায় , কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিলোৎপল চক্ৰৱৰ্তী , বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কুলজিৎ ৰায় , সাধাৰণ সম্পাদক জগদ্বীশ ৰায়কে ধৰি অন্যান্য বিষয়ববীয়া আৰু আছু কৰ্মীসকল উপস্থিত থাকে ৷ 

 

Your Comments