এজেপিলৈ মিত্ৰতাৰ আনুষ্ঠানিক প্ৰস্তাৱ ৰাইজৰ দলৰ

Pic

"বিপিএফৰ সৈতেও আৰম্ভ হৈছে মিত্ৰতাৰ আলোচনা"-ভাস্ক'-ডি শইকীয়া "ৰাজ্যৰ আঞ্চলিক শক্তিৰে মিত্ৰতাৰ প্ৰক্ৰিয়া ১৭ জানুৱাৰীৰ পৰা আৰম্ভ কৰিলে ৰাইজৰ দলে।প্ৰক্ৰিয়া আৰম্ভ কৰিয়ে অসম জাতীয় পৰিষদলৈ মিত্ৰতাৰ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিলে দলটোয়ে।দলটোৰ সাধাৰণ সম্পাদক দিৱস ফুকনৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে এজেপিৰ লেম্ব ৰোডৰ মুখ্য কাৰ্যালয়ত সভাপতি লুৰীণজ্যোতি গগৈক সাক্ষাতৰ জড়িয়তে প্ৰদান কৰে মিত্ৰতাৰ আনুষ্ঠানিক পত্ৰ।মিত্ৰতাৰ পত্ৰ সভাপতিগৰাকীয়ে গ্ৰহণ কৰিছে"-সংবাদমেল যোগে ঘোষণা কৰিলে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক'-ডি শইকীয়াই।

ৰাইজৰ দল-এজেপিৰ মিত্ৰতা সময়ৰ দাবী বুলি উল্লেখ কৰি শইকীয়াই কয়-"যিকোনো সময়ত মিত্ৰতাৰ বাবে আমি সাজু।আশা কৰিম শীঘ্ৰে এজেপিৰ লগত বৈঠক অনুষ্ঠিত হ'ব।সমগ্ৰ অসমবাসীয়ে বাট চাই আছে।বিষয়টো অগ্ৰগণ্য হিচাপে বিবেচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰবাবে আহ্বান জনাইছোঁঁ।" "মিত্ৰতাৰ বৈঠকত মিলিত হৈ অসম বিৰোধী শক্তিসমূহক উৎখাত কৰাৰ বাবে ৰণকৌশল তৈয়াৰ কৰা হ'ব।অসমবাসী দাবী আৰু আহ্বানক আগবঢ়াই নিয়াটো দুয়োটা দলৰ জাতীয় দায়িত্ব।এই মুহূৰ্তত পিছ হুহুকি থাকিলে জাতিক অন্যায় কৰা হ'ব"-শইকীয়াই কয়।

বিজেপিৰ হাতৰ পৰা জাতি-ভাষা,সংস্কৃতি ৰক্ষা কৰিবলৈ সকলো আঞ্চলিক শক্তি ঐক্যবদ্ধ হ'ব লাগিব।লগতে তেওঁ কয়। উল্লেখ যে এজেপি দলে নিৰ্দিষ্ট সময়,দিন-বাৰ ঠিক কৰাৰ আহ্বান জনায় ৰাইজৰ দলে। ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত শইকীয়াই কয়-"বিপিএফৰ লগতো মিত্ৰতা সন্দৰ্ভত আলোচনা কৰাৰ সমান্তৰালকৈ এএছডিচিৰ সৈতে নিৰ্বাচনী মিত্ৰতাৰ প্ৰস্তাৱ চলি আছে। বিজেপি,কংগ্ৰেছ, এআইইউডিএফক পৰাস্ত কৰাৰ বাবে আঞ্চলিক সকলো শক্তিক ঐক্যবদ্ধ হোৱাৰো আহ্বান জনায় ৰাইজৰ দলে।"মহাজোঁঁট বন্ধনৰ পৰা ওলাই আহিলে আঞ্চলিক গণ মৰ্চাৰ সৈতে মিত্ৰতাৰ আশা থাকিব পাৰে। কিন্তু ঐক্যবদ্ধ শক্তিৰ সহমত প্ৰয়োজন হ'ব"-কাৰ্যকৰী সভাপতিগৰাকীয়ে কয়।

কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন,জিতুল ডেকা সংবাদমেলত উপস্থিত থাকে।

Your Comments