স্বামী অখিল গগৈৰ জামিন নাকচ:পত্নী গীতাশ্ৰীয়ে খঙেৰে কি ক'লে পঢ়ক

Pic

*ৰাজসাক্ষী দিয়াজনক চাবলৈ মন গৈছে-গীতাশ্ৰী তামুলী*

কাৰাবন্দী স্বামী অখিল গগৈৰ উচ্চ ন্যায়ালয়ত জামিন নাকচৰ পিছত সামাজিক মাধ্যমত প্ৰথমবাৰৰ বাবে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পত্নী গীতাশ্ৰী তামুলীয়ে।যোৱা এটা বছৰ কাৰবন্দী হৈ থকা কৃষক নেতা গগৈৰ জামিন যোৱা ৭ জানুৱাৰীত নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।ন্যায়ালয়ে জামিন নাকচ কৰাৰ পিছত সোমবাৰে পত্নী গীতাশ্ৰীয়ে সামাজিক মাধ্যম নিজৰ ফেচবুক পেজত লিখিছে এইদৰে- "খঙত লিখিছো।সান্ত্বনা বা উপদেশ নিদিয়ে যেন।" "ৰাজসাক্ষীজনক এবাৰ চাবলৈ মন আছে।ইমান কথা জানে! এবাৰ মুখ দেখুৱাই আহকনা।হাতত অস্ত্ৰ নাই।একো কৰিবলৈ নোৱাৰো।কেৱল প্ৰাণভৰি এবাৰ চাম।আপুনি বোলে অস্ত্ৰচালনাৰ প্ৰশিক্ষণ লৈ আহিছিল। ইচ্ছা কৰিলে মাৰি থৈ যাব পাৰিব! হে নজনা মুখৰ বীৰ!আমাৰ দৰে মানুহৰ জীৱন তেনেই সস্তা।আপোনাৰ দৰে নিৰাপত্তা ব্যুহত বিচৰণ কৰি থকাসকল আকৌ সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী, গণতন্ত্ৰৰ ৰক্ষক"-গীতাশ্ৰীয়ে লিখিছে এইদৰে। "মইহে ভাবিছো,অস্ত্ৰ,বিস্ফোৰণ-এই সকলো আপোনাৰ হাতৰ মুঠিত হৈও আপুনি মাওবাদী নহয় নেকি?আপুনি ৰক্ষণাবেক্ষণ কিয় পালে!প্ৰশ্ন কৰি পত্নী গীতাশ্ৰীয়ে কয়- এনেকৈ পৰিচয় লুকুৱাই যিকোনো মানুহে যি ইচ্ছা ক'ব, আৰু আমি তাকে সঁচা বুলি মানি ল'ম?"

আনন্দৰাম ঢেকিয়াল ফুকনৰ বাক্যৰ উদ্ধৃতি দি তেওঁ কয়-"কেৱে দুটকা কানিৰ সলনি মিছা সাক্ষী নিদিব,সেই সময়,হে 'ক্ৰিপামই' জগদীশ্বৰ শীঘ্ৰে ঘটোৱা!" লগতে পত্নী গীতাশ্ৰী গগৈয়ে বাক্যশাৰীৰ আঁত ধৰি কয় সেই সময় নাহিল।হয়তো নাহিবও।আপুনি বৰ সুখ আৰু শান্তিত আছে,নহয়নে?

তাৎপৰ্যপূৰ্ণ যে কৃষক নেতা অখিল গগৈৰ মাওবাদীৰে সম্পৰ্ক থকা বুলি ৰাজসাক্ষীয়ে ন্যায়ালয়ত উল্লেখ কৰিছে।কিন্তু ন্যায়ালয়ত ৰাজসাক্ষী দিয়াজন কোন হয় সেয়া অজ্ঞাত।

Your Comments