বনভাগ খাটা দিহজাৰী হাইস্কুলৰ প্ৰধান শিক্ষক মহেশ্বৰ বৰ্মাৰ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা সভা

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত বনভাগ খাটা দিহজাৰীৰ প্ৰধান শিক্ষক তথা ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক মহেশ্বৰ বৰ্মাক বিদ্যালয় প্ৰাংগণত শিক্ষক,কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰী,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী , শুভাকাংক্ষীয়ে ফুলাম গামোচা,অভিনন্দন-পত্র,শৰাই,ফুলৰ থোপাৰে বিদায় সম্ভাষন জনায়।২ ডিচেম্বৰত শিক্ষানুষ্ঠানখনৰ বাকৰিত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চানাৰাম দাসে। বিদায় সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সূৰ্য্যকুমাৰ ৰাজবংশীয়ে আৰু আঁঁত ধৰে বিদ্যালয়খনৰ সহকাৰী শিক্ষক ৰিংকুমণি শৰ্মাই।সভাখনত চি আৰ চি সুভাষ বৰ্মন,অৱসৰপ্ৰাপ্ত শিক্ষক সৰ্বেশ্বৰ মজুমদাৰ,মনোহৰ বৰ্মা, শিক্ষক নিপু কলিতা,কুলেশ ডেকা, বিপিন কলিতা,প্ৰণৱ কুমাৰ বৰ্মন, কেশৱ কলিতা,সাংবাদিক বীৰেন কলিতা,কালিন্দ্ৰ কুমাৰ বৰ্মন,ছাত্ৰ নেতা মৃদুল কলিতাকে ধৰি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী,অভিভাৱক আৰু শুভাকাংক্ষীসকলে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাপ্ৰাপক অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক মহেশ্বৰ বৰ্মাৰ কৰ্মৰাজি,সামাজিক জীৱন সন্দৰ্ভত আলোকপাত কৰে।উক্ত সভাত কৃতী শিক্ষক মহেশ্বৰ বৰ্মাৰ অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে পশু চিকিৎসক তথা সাহিত্যিক ড• সমৰ তালুকদাৰে।তালুকদাৰে গ্ৰন্থখন উন্মেচন কৰি নিজৰ ভাষণত কয় যে এইখন গ্ৰন্থ নহয়, এখন দলীল।তেওঁ লগতে সদ‍্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহেশ্বৰ বৰ্মাৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰাৰ উপৰিও ভাষণ প্ৰসংগত তালুকদাৰে শিক্ষক বৰ্মা এগৰাকী শিক্ষকেই নহয়,ছাত্ৰ -ছাত্ৰীসকলৰ অভিভাৱক আছিল বুলি সদৰি কৰে।উল্লেখ‍্য‍ যে সুদীৰ্ঘ ৩৬ বছৰকাল শিক্ষা প্ৰদান কৰি সকলোৰে মৰম আৰু শ্ৰদ্ধাৰ পাত্ৰ হৈ পৰা মহেশ বৰ্মাৰ ৩০ নৱেম্বৰ, ২০২০ত বনভাগ খাটা দিহজাৰী হাইস্কুলত কৰ্ম জীৱনৰ সমাপন ঘটে যদিও ১ডিচেম্বৰ,২০২০ত বিদ্যালয়খনৰ পৰা আনুষ্ঠানিক বিদায় দিয়ে। সভাখনত ছাত্ৰ-ছাত্ৰী সকলে আবেগিক হৈ গীত,কবিতা,বক্তব্যৰে প্ৰিয় শিক্ষক জনক আনুষ্ঠানিক বিদায় জনায়।বিদায় সভাখনত সমাজকৰ্মী অনিল কলিতা, প্ৰতুল ৰাজবংশী,বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক শংকৰ কলিতা,বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ৰমাজান আলীকে ধৰি বিদ্যালয় পৰিচালনা সমিতি,শিক্ষক-শিক্ষয়িত্রী কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰী,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী , অভিভাৱককে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে।

Your Comments