শিৱসাগৰত অসমৰ প্ৰথম ডক্টৰেট ময়িদুল ইছলাম বড়াৰ ওপজা দিন পালন

শিৱসাগৰ

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰত অসমৰ প্ৰথম ডক্টৰেট,ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাচাৰ্য তথা অসম সাহিত্য সভাৰ ১৯৪০ চনৰ যোৰহাট অধিবেশনৰ সভাপতি ড° ময়িদুল ইছলাম বড়াৰ ওপজা দিন পালন কৰা হয়।

মঙলবাৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ প্ৰেছ ক্লাবৰ উজ্জ্বল দত্ত সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত ওপজা দিন উদযাপন অনুষ্ঠানত ড° ময়িদুল ইছলাম বড়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে লিখক মাজিদুৰ ৰহমান আৰু শিক্ষাবিদ মুকুল নাথে।

কণমানি চামৰিনা চাদ্দিকে ড° ময়িদুল ইছলাম বড়া ৰচিত এটি কবিতা পাঠ কৰাৰ পিছতে ওপজা দিনৰ কাৰ্যসূচীৰ উদ্ধোধনী ভাষণ প্ৰদান কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি ড° প্ৰশান্ত কুমাৰ চুতীয়াই।

শিৱসাগৰ

শিৱসাগৰ জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক সন্তোষ দত্তই আঁঁত ধৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি তথা বুৰঞ্জীবিদ প্ৰেম গগৈয়ে "বাহাৰিষ্টান ই গায়েবী"ৰ দৰে পাৰ্চী ভাষাৰ গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰাৰ লগতে অসমীয়া ভাষা সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়োৱা ড° ময়িদুল ইছলাম বড়াৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে।লগতে বৰ্তমান পৰিস্থিতিত ড° ময়িদুল ইছলাম বড়াৰ চিন্তাধাৰা অতি প্ৰাসংগিক হৈ পৰিছে বুলি মন্তব্য কৰে।উক্ত অনুষ্ঠানত লেখক-সমালোচক চামচুল বাৰিক,চফিকুৰ ৰহমানকে ধৰি যথেষ্টসংখ্যক লোক উপস্থিত থাকে।

 

Your Comments