ঘগ্ৰাপাৰত কৃষক-শ্ৰমিকৰ প্ৰতিবাদী সভা

ঘগ্ৰাপাৰ

'মোডী চৰকাৰে কৃষক-শ্ৰমিকৰ আঁচনি ৰূপায়ণত কৰি অহা প্ৰতাৰণা বন্ধ কৰক'

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ নিৰ্মাণ শ্ৰমিক সন্থা আৰু কৃষক সভাৰ যৌথ উদ্যোগত ঘগ্ৰাপাৰ চ’কত সোমবাৰে এটা প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে৷ চি পি আই (এম)ৰ ঘগ্ৰাপাৰৰ কাৰ্যালয়ৰ পৰা বজাৰৰ মূল চ’কৰে প্ৰায় শতাধিক কৃষক-শ্ৰমিকে হাতে হাতে প্লে'কাৰ্ড-ফেষ্টুন লৈ শোভাযাত্ৰা কৰি গৈ মোডী চৰকাৰে কৃষক-শ্ৰমিকৰ আঁঁচনি ৰূপায়ণত কৰি অহা প্ৰতাৰণা বন্ধ কৰক,কিষান কাৰ্ডত সংঘটিত দুৰ্নীতি অতি শীঘ্ৰে বন্ধ কৰক,বান-গড়াখহনীয়া ৰোধ কৰক,মূল্যবৃদ্ধি ৰোধ কৰক,নতুন শিক্ষা নীতি বন্ধ কৰক আদি শ্লোগানেৰে আকাশ-বতাহ কঁঁপাই তোলে৷সদৌ অসম মটৰ-নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি প্ৰসন্ন কলিতাই ঘগ্ৰাপাৰ চ’কতস্বাস্থ্য বিভাগৰ সম্পূৰ্ণ নীতি -নিয়ম পালনৰ মাজেৰে অনুষ্ঠিত সভাত বক্তব্য প্ৰদান কৰে।

Your Comments