নগাঁৱত দণ্ডাধীশসহ ৫জন ক'ৰ'নাত আক্ৰান্ত:জিলা উপায়ুক্তৰ কাৰ্যালয়ত ক'ৰ'নাতংক

Corona

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁৱৰ দণ্ডাধীশ পৰ্যায়ৰ দুগৰাকী বিষয়া আৰু তিনিগৰাকী কৰ্মচাৰীসহ মুঠ ৫জনকৈ লোক ক'ৰ'নাত আক্ৰান্ত হোৱাৰ ঘটনাই নগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত জিলা স্বাস্থ্য বিভাগে এই লোককেইজন ক'ৰ'নাত আক্রান্ত হোৱা বুলি নিশ্চিত কৰিছে।ক'ভিড-১৯ পজিটিভ পোৱা ব্যক্তিকেইগৰাকী ক্ৰমে - নীলাভ নয়ন ডেকা(২৯),ইকবাল আহমেদ(৩১), ছালেহ আহমেদ(৩৪),দিলদাৰ হুছেইন খান(৪৩) আৰু মৃন্ময় জ্যোতি নাথ(৩৮)।নগাওঁ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতৰ এই বিষয়া-কৰ্মচাৰীকেইজন ক'ৰ'নাত আক্ৰান্ত হোৱাৰ খবৰে নগাওঁবাসীক চিন্তিত কৰি তুলিছে।এই লোককেইজনৰ কোনো ভ্ৰমণ বৃত্তান্ত নাছিল।ইয়াৰে ইকবাল আহমেদ আৰু ছালেহ আহমেদে নগাঁও জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত দণ্ডাধীশ হিচাপে কৰ্মৰত থকাৰ বিপৰীতে আন তিনিগৰাকীক তৃতীয়বৰ্গৰ সহায়ক বুলি জানিব পৰা গৈছে। ইফালে,এই কাৰ্যালয়ৰ এই ৫জন লোক ক'ৰ'নাত আক্ৰান্ত হোৱাৰ খবৰত ন্যায়িক আদালতৰ লগত একেটা চৌহদত সংলগ্ন হৈ থকা নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত হুৱাদুৱা লগাৰ লগতে আতংকৰ সৃষ্টি হৈছে। একেটা চৌহদতে জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয় থকাৰ বাবে দুয়োটা কৰ্য্যালয়ৰ কৰ্মচাৰীসকল প্ৰায়ে সংস্পৰ্শলৈ আহে।উল্লেখযোগ্য যে ১৬ জুনত ক'ৰ'নাত আক্ৰান্ত এগৰাকী কিশোৰীক হাজিৰ কৰিছিল ন্যায়িক আদালতত। জানিব পৰা মতে সেই কিশোৰীকৰাকী ৰাইদঙীয়াৰ এজন যুৱকে পলুৱাই নিছিল।পিছত আৰক্ষীয়ে উদ্ধাৰ কৰি আদালতত সাক্ষ্য দিয়াইছিল। পিছত কিশোৰীগৰাকী ক'ৰ'নাত আক্রান্ত হোৱাত স্বাস্থ্য বিভাগে নগাঁৱৰ ১২ গৰাকী আৰক্ষীক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছিল। সেই কিশোৰীগৰাকীৰ সাক্ষ্য গ্ৰহণৰ বাবেই পৰৱৰ্ত্তী সময়ত ন্যায়িক আদালতৰ এই লোকসকলৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰিছিল। পিছত  বৃৃৃৃৃহস্পতিবাৰে ন্যায়িক আদালতৰ এই ৫ জন লোক ক'ৰ'নাত আক্রান্ত হোৱাতো স্বাস্থ্য বিভাগে নিশ্চিত কৰে।এই কিশোৰীগৰাকীৰ সাক্ষ্য গ্ৰহণৰ সময়ত সংস্পৰ্শলৈ অহাৰ বাবেই আদালতখনৰ এই লোককেইজন ক'ৰ'নাত আক্রান্ত হোৱাটো জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে সন্দেহ কৰিছে।নগাওঁ জিলা উপায়ুক্তই জনোৱা মতে শুকুৰবাৰে আদালতখনৰ ছেনিটাইজিঙকে ধৰি স্বাস্থ্য বিভাগৰ সকলো ধৰণৰ নিয়ম প্ৰযোজ্য কৰা হ'ব।তদুপৰি,নগাঁৱৰ তিনিগৰাকী স্বাস্থ্য কৰ্মী ক'ৰ'নাত আক্রান্ত হৈছে বুলি জানিব পৰা গৈছে।


 

Your Comments