খাৰঘূলিত ভয়ংকৰ ভূমিস্খলনত জীৱন্তে সমাধিষ্ঠ নৃত্যশিল্পী প্ৰিয়ংকা বড়ো

Priyanka Boro

*২০১৫বর্ষত মেট্ৰিকত নৃত্য বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বাধিক নম্বৰ পাইছিল প্ৰিয়ংকাই*

গুৱাহাটী মহানগৰীত দেওবাৰে পুৱা ভয়ংকৰ ভূমিস্খলন।খাৰঘূলিৰ হিড়িম্বাপূৰত সংঘটিত ভয়ংকৰ ভূমিস্খলনত জীৱন্তে সমাধিস্থ হ'ল প্ৰিয়ংকা বড়ো নামৰ ২১বছৰীয়া এগৰাকী প্ৰতিভাৱান নৃত্য শিল্পী তথা গুৱাহাটী কলেজৰ স্নাতক ষষ্ঠ ষান্মাষিকৰ ছাত্ৰী।বিগত তিনিদিন ধৰি গুৱাহাটীত হৈ থকা প্ৰৱল বৃষ্টিপাতৰ ফলত দুৰ্ভগীয়া প্ৰিয়ংকাৰ ঘৰত পৰে পাহাৰৰ মাটি।ওচৰ-চুবুৰীয়াৰ সৈতে পিতৃ-মাতৃ আৰু দুই ককায়েকক পুৱাই চাহ কৰি খুৱাই পুৱা প্ৰায় ৬ বজাত চোতাল সাৰি আছিল।মাতৃয়ে সেই সময়ত পানী আনিবলৈ গৈছিল আৰু পিতৃ ঘৰৰ কামত ব্যস্ত আছিল।তেনেতে পাহাৰৰ পৰা হোৱা ভূমিস্খলনে চোতাল সাৰি থকা অৱস্থাত প্ৰিয়ংকাক  সম্পূৰ্ণভাৱে পুুতি পেলায়।মাটিৰ সৈতে খহি অহা এজোপা নাৰিকল গছে তাইক হেঁচা মাৰি ধৰে।মুহূৰ্ততে মাটিত পোত যোৱা প্ৰিয়ংকাই উদ্ধাৰ কৰাৰ বাবে চিঞঁৰিছিল যদিও কাষতে থকা দুই ককায়েকে প্ৰিয়ংকাক মাটিৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল।মৰমৰ ভনীয়েকক উদ্ধাৰ কৰাৰ বাবে দুই ককায়েকে ওচৰ-চুবুৰীয়াৰ সহায় বিচাৰি চিঞঁৰি শেষ মুহূৰ্তলৈকে উদ্ধাৰৰ প্ৰচেষ্টা চলায়ো জীৱন্তে তাইক ঘূৰাই নাপালে।

Priyanka

দুৰ্ভগীয়া মাতৃয়ে অৱগত কৰা অনুসৰি প্ৰিয়ংকা সম্পূৰ্ণ মাটিত পোত গৈছিল।কেৱল তাইৰ দীঘল চুলিখিনি ওলাই আছিল।তাই চিঞঁৰি থকা মাত আমি শুনি আছিলোঁ।

"মোক বচোৱা বচোৱা বুলি তাই বহুতবাৰ চিঞৰিছিল।কিন্তু তাইক উদ্ধাৰ কৰিব নোৱাৰিলোঁ।মই এতিয়া কেনেদৰে থাকিম"- এইদৰে কয় মাতৃ দীপা বড়োৱে।

"মোৰ উচ্চ ৰক্তচাপ থকাৰ বাবে বৰষুণত পিচল চোতালত পৰোঁ বুলি পানী আনিবলৈ যাবলৈ নালাগে বুলি কৈছিল"-মাতৃয়ে লগতে কয়।

নৃত্যত দখল থকা শিল্পী তথা ছাত্ৰীগৰাকীয়ে ২০১৫ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত গুৱাহাটীৰ তাৰিণী চৌধুৰী হাইস্কুলৰ পৰা নৃত্য বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰিছিল।দৰিদ্ৰ পৰিয়ালৰ কন্যাগৰাকীয়ে নিজে পঢ়ি থকাৰ সমান্তৰালকৈ কাহিলীপাৰাৰ এখন বিদ্যালয়ত নৃত্য শিক্ষয়িত্ৰী হিচাপে জড়িত হৈ আছিল।এই কথা মাতৃ দীপাই 'নিউজ এএছএন'ক কয়।

উল্লেখ যে নৃত্য প্ৰদৰ্শনৰ বাবে প্ৰিয়ংকা লণ্ডনলৈ যোৱাৰ বাবে সাজু হৈছিল।পাছপ'ৰ্টৰ কাম প্ৰায় সম্পূৰ্ণ হৈছিল।ক'ৰ'নাৰ বাবে তাই যাব পৰা নাছিল।এই কথাও জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।

Priyanka Boro

নৃত্যশিল্পী প্ৰিয়ংকা উজনি অসমৰ বিখ্যাত মৰাণৰ 'ৰংমন এনাজৰী হুঁচৰি দল'ৰো নাচনী আছিল।

হিড়িম্বাপুৰ অঞ্চলৰ কণ-কণ লৰা-ছোৱালীৰ নৃত্য প্ৰশিক্ষণতো জড়িত হৈ আছিল মেধাৱী ছাত্ৰী তথা শিল্পী প্রিয়ংকা।মৃত প্ৰিয়ংকাৰ পিতৃ নাম কুশল বড়ো।

ইফালে মৃত প্ৰিয়ংকাক উদ্ধাৰ কৰি মৰণোণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ।

Your Comments