'লকডাউন' হৈ থকা গুৱাহাটীৰ ১১টা ৱাৰ্ডৰ বাসিন্দাই শনি-দেওবাৰে ক্ৰয় কৰিব পাৰিব অত্যৱশ্যকীয় সামগ্ৰী

লকডাউন

কামৰূপ মহানগৰ জিলাত 'লকডাউন' হৈ থকা ১১টা ৱাৰ্ডৰ বাসিন্দালৈ গুৰুত্বপূৰ্ণ সকাহ জিলা প্ৰশাসনৰ।দেওবাৰে মাজনিশাৰ পৰা সমগ্ৰ মহানগৰ জিলাতে হ'ব লগা কঠোৰ লকডাউনৰ বাবে বৰ্তমান লকডাউন হৈ থকা থকা ১১টা ৱাৰ্ডৰ বাসিন্দাই শনিবাৰ আৰু দেওবাৰে ওলাই আহিব পাৰিব অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে।ৰাজ্যৰ মুখ্য সচিবে কামৰূপ মহানগৰ জিলা প্ৰশাসনক এই কথা অৱগত কৰিছে।

লকডাউন

লকডাউন হৈ থকা ৱাৰ্ডসমূহৰ জনতাই পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈ ওচৰৰ দোকানসমূহৰ পৰা ক্ৰয় কৰিব পাৰিব অত্যাৱশ্যকীয় সামগ্ৰী।নিৰ্দেশনাটোত উল্লেখ থকা অনুসৰি ৱাৰ্ডৰ ভিতৰৰ পৰা ওলাই আহিব নোৱাৰিব।তাতে ক্ৰয় কৰিব লাগিব         নিৰ্দিষ্ট সময়ৰ ভিতৰতে সামগ্ৰীসমূহ।

উল্লেখ যে গুৱাহাটী মহানগৰীত ক'ৰ'নাৰ ভয়ংকৰ গণ সংক্ৰমণ ধৰা পৰাৰ পিছতে অহা দেওবাৰৰ মাজনিশাৰ পৰা ১২ জুলাইলৈ মুঠ ১৪ দিনৰ বাবে ঘোষণা কৰা হৈছে লকডাউন।ৰাজ্যৰ স্বাস্থ্য বিভাগে ঘোষণা কৰা অনুসৰি লকডাউনৰ সময়ত পূর্বৰ দৰে খোলা নাথাকিব গ্ৰ'ছাৰী,শাক-পাচলি,গাখীৰ, মাছ-মাংস।পূৰ্ণ পৰ্যায়ত বন্ধ হ'ব গুৱাহাটী।যাৰ বাবে কোৱা হৈছে ১৪ দিনৰ বাবে গুৱাহাটীৰ জনতাই প্রয়োজনীয় সামগ্ৰী ক্ৰয় কৰি ল'ব লাগে।সামগ্ৰী ক্ৰয় কৰাৰ বাবে বৰ্তমান লকডাউন হৈ থকা ৱাৰ্ডসমূহৰ জনতাক দুটা দিন মুকলি কৰি দিছে প্ৰশাসনে।

Your Comments