কলা-বিজ্ঞানত উজলিল ৰামানুজনৰ ২০ গৰাকী মেধাৱী:নগাঁৱত মুঠ ২৫ জনৰ স্থান লাভ

Ahsec

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত কলা আৰু বাণিজ্য শাখাত উজলিল ৰামানুজন জুনিয়ৰ কলেজ,নগাঁও।কলা শাখাত ৮গৰাকী আৰু বিজ্ঞান শাখাত ১২গৰাকী মেধাৱীয়ে স্থান লাভ কৰে শিক্ষানুষ্ঠানখনৰ পৰা।

ইয়াৰ উপৰিও কলা শাখাত জিলাখনৰ কনচেপ্ট জুনিয়ৰ কলেজ,মাধৱদেৱে জুনিয়ৰ কলেজ আৰু কলংপাৰ বিদ্যাপীঠ জুনিয়ৰ কলেজৰ এগৰাকীকৈ মেধাৱীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।একেদৰে বিজ্ঞান শাখাত কনচেপ্ট জুনিয়ৰ কলেজ আৰু বাণিজ্য শাখাত নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকীকৈ মেধাৱীয়ে লাভ কৰিছে স্থান।

আনহাতে,জিলাখনত কলা শাখাত অৱতীৰ্ণ হৈছিল মুঠ ৭৪২১ গৰাকী ছাত্ৰ-ছাত্ৰী।উত্তীৰ্ণ হয় ৬৩৭৭গৰাকী।প্ৰথম ১৬৪৯,দ্বিতীয় ২৩২৩ আৰু তৃতীয় বিভাগত ২৪০৫জন।উত্তীৰ্ণৰ হাৰ ৮৫.৯৩ শতাংশ।

বিজ্ঞান শাখাত জিলাখনত অৱতীৰ্ণ   হৈছিল ২৩০৯জন।প্ৰথম ১৫৪৩ জন,দ্বিতীয় ৬৭৯ জন আৰু তৃতীয় বিভাগত ৮৭০জন। উত্তীৰ্ণৰ হাৰ ৯২.২১ শতাংশ।

বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল ১০৭৭ জন।উত্তীৰ্ণ হয় ১০১৯ জন।প্ৰথম ৩৩৩জন,দ্বিতীয় ৪০৯জন আৰু তৃতীয় বিভাগত ২৭৭ জন।মুঠ উত্তীৰ্ণৰ হাৰ ৯৪.৬১শতাংশ।

Your Comments