কলা,বিজ্ঞান আৰু বাণিজ্য শাখাত কামৰূপ(ম)জিলাৰ সম্পূৰ্ণ ফলাফল চাওক

Ahsec

বৃহস্পতিবাৰে ঘোষণা হোৱা ২০২০বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কামৰূপ মহানগৰ জিলাত কলা,বিজ্ঞান আৰু বাণিজ্য শাখাত শীর্ষ দহটা স্থানত উজলিল সাতগৰাকী মেধাৱী  বিদ্যাৰ্থী

জিলাখনত কলা শাখাত অৱতীৰ্ণ হৈছিল ৬৪১০ গৰাকী ছাত্ৰ-ছাত্ৰী।উত্তীৰ্ণ হৈছে ৪৮৮২গৰাকী।প্ৰথম বিভাগত ৯৩৬ গৰাকী,দ্বিতীয় বিভাগত ১৪৭৭ গৰাকী আৰু তৃতীয় বিভাগত ২৪৬৯ গৰাকী।মুঠ উত্তীৰ্ণৰ হাৰ ৭৬.১৬ শতাংশ।

বাণিজ্য শাখাত জিলাখনত  অৱত্তীৰ্ণ  হৈছিল ৩৪৮২ গৰাকী।উত্তীৰ্ণ হৈছে ৩১২৩জন।প্ৰথম ৯২০জন,দ্বিতীয়  ৯৯৩জন আৰু তৃতীয় বিভাগত ১২১০জন।মুঠ উত্তীৰ্ণৰ হাৰ ৮৯.৬৯ শতাংশ।

বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ৩০১২জন ছাত্ৰ-ছাত্ৰী।উত্তীৰ্ণ ২৭০৯জন। প্ৰথম ১৬৫০জন,দ্বিতীয় ৯১২জন আৰু তৃতীয় ১৪৭জন।উত্তীৰ্ণৰ হাৰ ৮৯.৯৪ শতাংশ।

উল্লেখ যে জিলাখনত ৰাজ্যৰ ভিতৰত কলা শাখাত চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰিছে ক্ৰমে দেৱাশ্ৰী বৰা(কটন বিশ্ববিদ্যালয়)আৰু সম্পূর্ণা বাৎস্বয়া (অসম জাতীয় বিদ্যালয়,নুনমাটি)। 

বাণিজ্য শাখাত নৱম আৰু দশম স্থানত আছে তিনিগৰাকী মেধাৱী।তেওঁলোক হৈছে ক্ৰমে চিমি দাস(গুৱাহাটী কমাৰ্চ কলেজ),নলিনী জেমাৰ(এনইএফ কলেজ)আৰু সাক্ষী গোলছন(কেচি দাস কমাৰ্চ কলেজ)।

বিজ্ঞান শাখাত তৃতীয় আৰু ষষ্ঠ স্থানত উজলি  উঠিল ছাই জুনিয়ৰ কলেজৰ দুগৰাকী মেধাৱী ক্ৰমে প্ৰীতিপল বেজবৰুৱা আৰু আয়ুশ্ৰী কাব্ৰা।

Your Comments