গুৱাহাটীৰ ইলেকট্ৰ'নিক মাধ্যমৰ সাংবাদিকৰ পত্নী ক'ৰ'না আক্ৰান্ত

Corona

গুৱাহাটীৰ এটা ব্যক্তিগত খণ্ডৰ ইলেকট্ৰনিক  সংবাদ মাধ্যম 'ডি ৱাই ৩৬৫'ৰ সাংবাদিক ধীৰাজ হাজৰিকাৰ পত্নী তথা এমএমচিএইচৰ  নাৰ্ছ পাপৰি হাজৰিকা ক'ৰ'না ভাইৰাছ  আক্ৰান্ত হৈছে।মঙলবাৰে হাজৰিকাৰ পত্নীৰ দেহত ধৰা পৰিছে ক'ভিড-১৯।

উল্লেখ্য যে সাংবাদিক ধীৰাজ হাজৰিকা গুৱাহাটী প্রেছ ক্লাব কাৰ্যনিৰ্বাহক সমিতিৰ ক্ৰীড়া সম্পাদক।পত্নী ক'ৰ'না আক্রান্ত বুলি নিশ্চিত হোৱাৰ প্ৰাকমুহূৰ্তলৈকে সাংবাদিক ধীৰাজ গুৱাহাটী প্ৰেছ ক্লাবৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল।

ইফালে,গুৱাহাটী প্ৰেছ ক্লাবত ধীৰাজৰ সংস্পৰ্শলৈ অহা গুৱাহাটীৰ সাংবাদিক তথা প্ৰেছ ক্লাবৰ সদস্যসকলক সতৰ্ক হৈ থাকি স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে আহ্বান জনাইছে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰায়ে।

এখন বিজ্ঞপ্তিত উল্লেখ কৰিছে এইদৰে-"ধীৰাজ হাজৰিকা প্রেছ ক্লাবলৈ অহা-যোৱা কৰাৰ লগতে অন্যান্যসকলৰ সংস্পৰ্শলৈ অহাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো 'ছেল্ফ কোৱাৰেন্টাইন'ত থাকিব লাগে।"

আনহাতে,পত্নীৰ দেহত ক'ৰ'না ধৰা পৰাৰ পিছতে সাংবাদিক ধীৰাজৰ লগতে পৰিয়ালৰ সদস্যৰ স্বোৱাব সংগ্ৰহ কৰা হৈছে।

অহা এসপ্তাহৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ সকলো কাৰ্যসূচী বাতিল কৰিছে প্ৰেছ ক্লাব সমিতিয়ে।

Your Comments