গুৱাহাটীৰ ক'ৰ'না হ'টস্পট ১১টা ৱাৰ্ডত অনিৰ্দিষ্ট কাললৈ লকডাউন ঘোষণা

Lockdown

গুৱাহাটীত ১১টা ৱাৰ্ডত অনিৰ্দিষ্ট কালৰ বাবে লকডাউন ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ।

লকডাউন ঘোষণা কৰা ৱাৰ্ডকেইটা হৈছে-

২নং ৱাৰ্ড।ইয়াত অন্তৰ্ভূক্ত হৈছে-ফেৰীঘাট ক'লনী ৩,৪,৫ আৰু ৬নং, নিউ ৰেলৱে ক'লনী, ইনষ্টিটিউট কলনী, ট্ৰায়েংগোল ক'লনী, এলঅচিঅ' কলনী,বিবিচি ক'লনী,সদিলাপুৰৰ অংশ,জয়মতী নগৰ।


৩নং ৱাৰ্ড।ইয়াত অন্তৰ্ভুক্ত হৈছে-ৰেষ্ট কেম্প ক'লনী,ৱাটাৰ ৱৰ্কছ ৰেলৱে কলনী,টেম্পোল ঘাট কলনী,মালীগাঁও বৰীপাৰা,আদাবাৰী, আদাবাৰী ৰেলৱে ক'লনী,গ্ৰীণ পার্ক কলনী, আনন্দনগৰ,মালীগাঁও অঞ্চল।

৪নং ৱাৰ্ড।ইয়াত অন্তৰ্ভুক্ত হৈছে-কামাখ্যা মন্দিৰ,কামাখ্যা ক'লনী অঞ্চল,পাণ্ডুনাথ বস্তি আৰু কালীপুৰ অঞ্চল।


৫নং ৱাৰ্ড।ইয়াত অন্তৰ্ভুক্ত হৈছে-মালীগাঁও ৰেলৱে কলনী ইষ্ট আৰু ৱেষ্ট,গীতানগৰ ৰেলৱে ক'লনী ৱেষ্ট-চেণ্ট্ৰেল আৰু ইষ্ট,গোশালা ৰেলৱে ক'লনী,দুৰ্গা সৰোবৰ আৰু শান্তিপুৰ,ভূতনাথ।

৬নং ৱাৰ্ড।ইয়াত অন্তৰ্ভুক্ত হৈছে ধীৰেণপাৰা, গণেশপাৰা,মনাপাৰা,দঁতালপাৰা,কটাহবাৰী, গড়চুক আৰু জ্যোতিকুছি।

৭নং ৱাৰ্ড।ইয়াতঅন্তৰ্ভুক্ত হৈছে- গোটানগৰ, গোটানগৰ এন  চি,মালীগাঁও এনচি,ফটাশিল এনচি,দুর্গাসৰোবৰ,ফটাশিল আৰু ধীৰেণপাৰা হিলচাইড।

৮নং ৱাৰ্ড।অন্তৰ্ভুক্ত হৈছে-কুমাৰপাৰা, মাছখোৱা,আঠগাঁও,ভৰলুমুখ।

৯নং ৱাৰ্ড।ইয়াত অন্তৰ্ভুক্ত হৈছে-ছাত্ৰীবাৰী,কৃষ্ণনগৰ,টকৌবাৰী,ফাঁচী বজাৰ আৰু আঠগাঁও।

১০নং ৱাৰ্ড (একাংশ)।অন্তৰ্ভুক্ত হৈছে ফাঁচী বজাৰ,পাণবজাৰ,চলাপাৰা।

১৫নং ৱাৰ্ড।ইয়াত অন্তৰ্ভুক্ত হৈছে-বিষ্ণুপুৰ, নতুন বস্তি,বিমলা নগৰ,মহেন্দ্ৰ নগৰ,শংকৰপুৰ, ফটাশিল।

১৬নং ৱাৰ্ড।ইয়াত অন্তৰ্ভুক্ত হৈছে-ভাস্কৰ নগৰ, বর্ষাপাৰা,ধীৰেণপাৰা,আনন্দ নগৰ আৰু ৰংপথাৰ।

Pic

উল্লেখ যে শেহতীয়াভাৱে কোনো ভ্ৰমণ বৃতান্ত নথকাকৈ এই অঞ্চলকেইটাত দ্ৰুত গতিত ক'ৰ'না আক্রান্ত বৃদ্ধি পাইছে।ফলত জিলা প্ৰশাসনে ৱাৰ্ডকেইটাত লকডাউন ঘোষণা কৰিছে।

প্ৰথম পৰ্যায়ৰ লকডাউনতকৈ অধিক কঠোৰ হ'ব লকডাউন।মঙলবাৰৰ ৰাতি ৯বজাৰ পৰা লকডাউন কাৰ্যকৰী হ'ব।জানিবলৈ দিয়ে  উপায়ুক্ত বিশ্বজিৎ পেগুৱে।

লকডাউনৰ ফলত চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যলয় বন্ধ থাকিব।ৰাজহুৱা আৰু ব্যক্তিগত বাহন চলাচল বন্ধ।ধৰ্মীয়,ৰাজনৈতিক কাৰ্যসূচীত থাকিব বাধা।

সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব।পাণ-গুটখাৰ বিক্ৰী বন্ধ।হোটেলৰ পৰা আৰম্ভ কৰি সকলো সেৱা ৱাৰ্ডসমূহত বন্ধ থাকিব-পেগুৱে উল্লেখ কৰে।


মুকলি থাকিব জৰুৰীকালীন সেৱাৰ লগত জড়িত সকলো কাম-কাজ।

গ্ৰ'ছাৰী,ফলমূলৰ দোকান,শাক-পাচলি,পশু খাদ্যৰ দোকানসমূহ পুৱা ১০ বজাৰ পৰা আবেলি ৫ বজালৈ খোলা থাকিব।

বেংক,এটিএম,ই-কমাৰ্চ,ট্ৰেজাৰী,ডাকঘৰ, চিকিৎসাৰ লগত জড়িত সকলো সেৱা খোলা থাকিব।

ইয়াৰ উপৰিও কোৱাৰেণ্টাইনৰ বাবে ব্যৱহাৰ কৰা হোটেলসমূহ চলি থাকিব।

জালুকবাৰীৰ পৰা নুনমাটিলৈ অহা এমজি ৰোড খোলা থাকিব।লখৰা চাৰিআলিৰ পৰা পল্টন বজাৰলৈ অহা পথ খোলা থাকিব।
জালুকবাৰীৰ পৰা খানাপাৰা মূল ৰাষ্ট্ৰীয় ঘাইপথ খোলা থাকিব।অৱশ্যে এই ৱাৰ্ডসমূহৰ এলেকাত কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব।

মহানগৰী আৰক্ষীক এই বিষয়ত অধিক কঠোৰ হোৱাৰ আহ্বান উপায়ুক্ত পেগুৰ।

Your Comments