সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫১ সংখ্যক মৃত্যু দিনটোত শ্ৰদ্ধাঞ্জলি জনায় অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদে।গুৱাহাটীস্থিত কাৰ্য্যালয়ত সামাজিক দূৰত্ব ৰক্ষা কৰি কলাগুৰুৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে সংগঠনটোৰ সভাপতি ৰুবুল দাসে।শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি পৰিষদৰ সভাপতি দাসে সংবাদ মাধ্যমৰ আগত কয়-"অসমৰ সমাজ জীৱনলৈ তেওঁঁ আগবঢ়াই যোৱা পৰিৱৰ্তনৰ মন্ত্ৰ সাৰোগত কৰি আজিৰ প্ৰজন্মই স্বাধিকাৰ প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰিবই লাগিব।আজিৰ তথাকথিত ক্ষমতাশালী পুঁজিপতি শাসকৰ ওচৰত অসমীয়া জাতি একেবাৰেই সুৰক্ষিত নহয়।"
"ৰাজ্যৰ জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক উত্থান আৰু ঐক্যৰ কাৰণে সকলোৱে দল-মতৰ উৰ্দ্ধত আহি শিল্পীজনাই দেখুৱাই যোৱা পথেৰেই আগবাঢ়ি যোৱাটোৱেই সময়ৰ আহ্বান"-লগতে তেওঁ কয়।
সমাজ পৰিবৰ্তনৰ কাৰণে ঐক্যবদ্ধ সংগ্ৰামৰ সূচনা কৰিবলৈ দাসে সকলোকে আহ্বান জনায়।
- Log in to post comments
- 18 views