গুৱাহাটীত চিকিৎসক দম্পত্তি ক'ৰনাত আক্রান্ত

#Corona

গুৱাহাটীত এহাল চিকিৎসক দম্পত্তি ক'ৰ'না ভাইৰাছত আক্রান্ত হৈছে।আক্রান্ত হৈছে গুৱাহাটী মেডিকেল কলেজৰ পেথ'লজি বিভাগৰ মুৰব্বী অধ্যাপক স্মৃতি পাঠক দত্ত আৰু স্বামী চিকিৎসক দিব্যজ্যোতি দত্ত ।গুৱাহাটীৰ এপ'ল' চিকিৎসালয়ত কৰ্মৰত আছিল ধ্ৰুৱজ্যোতি দত্ত।

দেহত ক'ৰ'নাৰ উপস্থিতি ধৰা পৰাত চিকিৎসক দম্পত্তিক ভৰ্তি কৰোৱা হৈছে গুৱাহাটী মেডিকেল কলেজত হাস্পতালত।

গুৰুত্বপূৰ্ণ যে গুৱাহাটীত সামাজিক সংক্ৰমণ হোৱা বুলি ইতিমধ্যে স্বাস্থ্য বিভাগ তথা প্ৰশাসনে আশংকা কৰিছে।গুৱাহাটীত ৩৫-৪০ গৰাকী কোনো ট্ৰেভেল হিষ্টৰী নথকা লোক আক্রান্ত হৈছে ক'ৰ'নাত।

গুৱাহাটী বৰ্তমান সময়ত কণ্ট্ৰেমেণ্ট জন হৈছে ১৫৫টা। সক্ৰিয় হৈ আছে ১১৮টা।

Your Comments