"জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ পৰা আশংকা হৈছে গুপ্তহত্যাৰ দিনবোৰ যেন ঘূৰি আহিছে"-অজিত কুমাৰ ভূঞা

Protest

বহুকেইটা দাবীৰে মহানগৰীৰ গুৱাহাটী ক্লাবৰ ৰ'টাৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।সন্মিলিত সংগ্রাম পৰিষদ আৰু আঞ্চলিক গণ মৰ্চাৰ নেতৃত্বত সাব্যস্ত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ অজিত কুমাৰ ভূঞা, আলোচনপন্থী আলফা নেতা অনুপ চেতিয়া, সমাজকৰ্মী মীৰা বৰঠাকুৰ প্ৰমুখ্যে বহুকেইজন ব্যক্তিয়ে।

প্ৰতিবাদীসকল মূল দাবীসমূহ হৈছে-বাঘজানৰ অগ্নিকাণ্ডৰ উচিত তদন্ত কৰি দোষীক শাস্তি আৰু ৰাজ্যিক ক্ষতিপূৰণ দিব লাগে।দিহিং পাটকাই আৰু ডিব্ৰু-ছৈখোৱাৰ সংৰক্ষণ।সেনা আৰু আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাৱে মৃত্যু হোৱা যোৰহাট জিলাৰ তিতাবৰৰ বৰহোলাৰ জয়ন্ত বৰাৰ হত্যাকাৰীৰ ন্যায়িক তদন্ত হ'ব লাগে।এই সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাই কয়-"দোষী চিনাক্ত হোৱাৰ পূৰ্বে শাস্তি প্ৰদান কৰিলে।এই ঘটনাৰ পৰা আশংকা কৰা হৈছে পুনৰ গুপ্তহত্যাৰ দিনবোৰ যেন ঘূৰি আহিছে।লগতে ঋতুপৰ্ণ পেগু,দেৱাশীস গগৈ, সনাতন ডেকা,পৰাগজ্যোতি নেওগৰ হত্যাকাণ্ড আমাৰ বাবে উদ্বেগজনক বুলি উল্লেখ কৰি ভূঞাই কয়-"ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উচিত ক্ষতিপূৰণ দিব লাগে।"

"কয়লাৰ মুক্ত খননে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে জীৱকুললৈ বিপদ কঢ়িয়াই আনিছে"-ভূঞাই লগতে কয়।

কৃষক নেতা অখিল গগৈসহ 'কা' বিৰোধী আন্দোলনকাৰীক মুক্তি দিয়াৰ লগতে দিল্লীত গ্ৰেপ্তাৰ হৈ থকা অসমৰ কন্যা দেবাংগনা কলিতাৰো মুক্তিৰ দাবী জনায়।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যু প্ৰসংগত কয়- "আৰক্ষী-সেনাৰ জিম্মাত মৃত্যু হোৱাটো  কেতিয়াও গ্ৰহণযোগ্য নহয়।তেওঁঁলোকে নিৰাপদে ৰাখিব লাগিছিল"।ঘটনাৰে জড়িত সেনা অথবা আৰক্ষী যি বিভাগৰে হওঁক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।

"মিছা গোচৰত অখিল গগৈ দৰে এটা প্ৰতিবাদী কণ্ঠত তেওঁলোকে বন্দী কৰি ৰাখিছে।অসমৰ ৰাইজে জানিছে চৰকাৰৰ মুখা খোলা খাইছে"-চেতিয়াই কয়।

Your Comments