ভাৰতীয় বীৰ জোৱানক হত্যা কৰাৰ অপৰাধত গুৱাহাটীৰ ৰাজপথত জ্বলিল চীনৰ জাতীয় পতাকাসহ ৰাষ্ট্ৰপতি জিন পিঙৰ ছবি।ভাৰত সুৰক্ষা মঞ্চ,অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননৰ সন্মুখত দাহ কৰা হয় এই পতাকা আৰু ছবি।
ভাৰতীয় সেনাবাহিনী জিন্দাবাদ,চীনা সামগ্ৰী বৰ্জন কৰক,জিন পিং হায় হায় আদি বিভিন্ন চীন বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ।
"যি চীনে নিজ দেশৰ লাখ লাখ নাগৰিক ক'ৰ'নাত মৃত্যু হোৱাৰ পিছতো চাৰি-পাঁচ হাজাৰ মৃত্যু হোৱা বুলি ক'ব পাৰে,সেই চীনে তেওঁলোকৰ কিমান সৈন্যৰ মৃত্যু হৈছে,সেয়া কেতিয়াও নকয়"- মন্তব্য সংগঠনটোৰ।
দেশৰ জনতাৰ ক্ষোভ প্ৰধানমন্ত্ৰী,বিত্তমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে অনুভৱ কৰক।দেশত চীনা কোম্পানীক দিয়া সকলো নিৰ্মাণৰ ঠিকা তথা ব্যৱসায়িক চুক্তি বাতিল কৰক।লগতে কয়।
চীনত নিৰ্মিত সামগ্ৰীৰ বিৰুদ্ধে দেশক সাজু কৰক।দেশৰ কোম্পানীসমূহক চীনৰ সামগ্ৰীৰ সমতুল্যত উৎপাদন কৰাৰ বাবে মনোবল বৃদ্ধি কৰিব লাগে।লাডাখৰ গলোৱান উপত্যকাত মৃত বীৰ সেনা জোৱানক শ্ৰদ্ধা জনাই চীনত নিৰ্মিত সামগ্ৰী বৰ্জনৰ কৰিব লাগে।সংগঠনটোৱে মন্তব্য কৰে।
- Log in to post comments
- 21 views