২২জুনৰ পৰা কামাখ্যা দেৱালয়ত অম্বুবাচী:মেলা নহয়,ধৰ্মীয় ৰীতি-নীতিৰে সামৰা হ'ব

Kamakhya

অন্যান্য বৰ্ষসমূহৰ দৰে এইবাৰ অম্বুবাচীত উখল-মাখল নহ'ব কামাখ্যা দেৱালয়।সাধু,ভক্ত, দৰ্শনাথী সকলোৰে বাবে প্ৰৱেশ বন্ধ থাকিব অহা ২২ জুনৰ পৰা আৰম্ভ হ'ব লগা অম্বুবাচীত।এই কথা প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে প্ৰকাশ কৰিছে দেৱালয় কৰ্তৃপক্ষই।বিশ্বত্ৰাস ক'ৰ'না ভাইৰাছৰ  সংক্ৰমণৰ বাবে ধৰ্মীয় ৰীতি-নীতিৰে সামৰা হ'ব এইবাৰৰ অম্বুবাচী।

উল্লেখ যে ২২ জুন সোমবাৰে পুৱা ৭:৫৩ বজাত অম্বুবাচী প্ৰবৃত্তি হ'ব।নিবৃৃত্তি হ'ব ২৫ জুন বৃহস্পতিবাৰৰ নিশা ৮:১৬ বজাত।এই কথা অৱগত কৰিছে দেৱালয়  কৰ্তৃপক্ষই।

গুৰুত্বপূৰ্ণ যে যোৱা ২০মার্চৰ পৰা বন্ধ হৈ আছে ভক্তৰ বাবে দেৱালয়।৩০জুনলৈকে ইতিমধ্যে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অম্বুবাচীৰ সময়ত নামনি কামাখ্যাৰ পৰা দেৱালয়লৈ অহা সকলো পথ বন্ধ থাকিব।

ইয়াৰ উপৰিও অম্বুবাচীৰ দিনকেইটাত কোনো সংগঠনে কেম্প,ভাণ্ডাৰা বা অন্যান্য সেৱা আগবঢ়াব নোৱাৰিব।

ভক্তপ্ৰাণ ৰাইজ যাতে অম্বুবাচীৰ সময়ত কামাখ্যাত উপস্থিত নহয়,তাৰ বাবে আহ্বান জনাইছে দলৈ মোহিত চন্দ্ৰ শৰ্মাই।

Your Comments