অইল ইণ্ডিয়াৰ চৰম গাফিলতি,ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্লিপ্ততাৰ বাবে আজিও কান্দি আছে বাঘজানৰ জনতাই।চকুৰ পচাৰতে সুখৰ ঘৰখন নিঃশেষ কৰি নিয়া অইল ইণ্ডিয়াৰ অভিশপ্ত জুুইকুৰা আজিও জ্বলি আছে তেলখাদটোত।বিদেশৰ পৰা বিশেষজ্ঞ আহিছে যদিও জুই কেতিয়া নিৰ্বাপিত হ'ব,সেয়া নিশ্চিত নহয় স্বয়ং বিশেষজ্ঞসকলো।
ইফালে,চকুৰ আগতে সকলো শেষ হোৱা গাঁওবাসীয়ে জীৱন শংকাৰ মাজেৰে এতিয়াও উজাগৰী ৰাতি পাৰ কৰিব লগা হৈছে আশ্ৰয় শিবিৰতে।শিবিৰত থকা ক্ষতিগ্ৰস্ত জনতাৰ কাষত মঙলবাৰে কিছু সাহায্য লৈ উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ এটা সঁঁজাতি দল।আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈৰ নেতৃত্বত উপস্থিত হোৱা দলটোৱে বাঘজানৰ শিবিৰসমূহত থকা দুৰ্দশাগ্ৰস্ত জনতাক সাক্ষাৎ কৰে।জীৱনৰ সৰ্বস্ব হেৰুৱাই শোকত ম্ৰিয়মান হৈছে অঞ্চলটোৰ জনতা।আছুৰ দলটোক শিবিৰত থকা আইতাসকলে কান্দি কান্দি ব্যক্ত কৰিছিল তেওঁলোকৰ দুখৰ কথা।সাধাৰণ সম্পাদক লুৰিনক কাষত লৈ দুৰ্ভগীয়া আইতাসকলে মূৰত হাত ফুৰাই দুখৰ মাজতো দিয়ে হিয়া উজাৰি আশীৰ্বাদ।
"চিন্তা কৰি কৰি টোপনি নধৰে।অ' বোপাই ভালে কুশলে থাকিবি আশীৰ্বাদ দিছোঁ"-এগৰাকী আইতাই মূৰত হাত ফুৰাই কৈছে এইদৰে।শিবিৰত থকা আইতাসকলে হাতত প্লে'কাৰ্ড লৈ কৈছে এইদৰে-"আমাক জীয়াই থাকিবলৈ দিয়ক।"
আশ্ৰয় শিবিৰ ভ্ৰমণ কৰি সংবাদ মাধ্যমৰ আগত সম্পাদক লুৰিনে কয়-"অইল ইণ্ডিয়াই হেমাহিৰ ওপৰত হেমাহি দেখুৱাই আহিছে।'জন এনাৰ্জী'ৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল।তাৎপৰ্যপূৰ্ণ যে তৈল খাদটো চোৱাচিতা কৰাৰ দায়িত্বত থকা জন এনাৰ্জীৰ বিষয়া তথা ডিআইচিগৰাকীৰ কাৰিকৰী দিশত শিক্ষাগত অৰ্হতা নাই।"
"জুই কেতিয়া নুমাব কোনো কথা ক'ব পৰা নাই।এটা সীমা তথা পৰিসৰ তেওঁলোকে ক'ব লাগে-কিমান দিনৰ ভিতৰত জুই নুমাব।কাৰণ ৰাইজ এতিয়া শংকাত আছে"-গগৈয়ে কয়।
"অদক্ষ সকলো প্ৰতিষ্ঠানৰ ওপৰত তদন্ত হ'ব লাগে।এই ক্ষেত্ৰত পেট্ৰ'লিয়াম মন্ত্ৰীৰ মনিটৰিং হ'ব লাগে"-লুৰিনে কয়।"সমগ্ৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে"-এয়া 'আছু'ৰ দাবী।
- Log in to post comments
- 13 views