ক্ৰমাৎ উদ্বেগজনক হৈছে গুৱাহাটীৰ পৰিৱেশ।মহানগৰীত প্ৰথমজন সংবাদ মাধ্যমৰ ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ৰ'না ভাইৰাছ।হিন্দী বাতৰি কাকত 'নিষ্পক্স সমাচাৰ জ্যোতি' বাতৰি কাকতৰ পৰিচালক প্ৰহ্লাদ কুমাৰ আগৰৱালা আক্রান্ত হৈছে ক'ৰ'না ভাইৰাছত।
তৰুণ নগৰৰ ৫নং বাই লেনৰ নেহা এপাৰ্টমেণ্টৰ তৃতীয় মহলাত বাস কৰিছিল আগৰৱাল।
উল্লেখ যে তেওঁ বি বৰুৱা কলেজৰ সন্মুখত অৱস্থিত সংবাদ প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ত কৰ্মৰত আছিল।
গুৰুত্বপূৰ্ণ যে গুৱাহাটীত ক্ৰমাৎ অৱনতি ঘটিছে পৰিৱেশৰ।যি কোনো মুহূৰ্ততে ঘোষণা হ'ব পাৰে লকডাউন।
- Log in to post comments
- 88 views