গুৱাহাটীত ক্ৰমাৎ জটিল হৈছে ক'ৰ'না সংক্ৰমণৰ ঘটনা।মহানগৰীত বৃদ্ধি পাই আহিছে কন্টেইনমেণ্ট জ'নৰ সংখ্যা।সোমবাৰে ২৩টা নতুন কণ্টেইমেণ্ট জ'ন ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।
বিৰুবাৰী-১ গোপীনাথ নগৰ,কুমাৰপাৰা গজেন কলিতা পথ,বীৰুবাৰী-২ গোপীনাথ নগৰ, ধীৰেণপাৰা ইটাভাটা,বিষ্ণুপুৰ দেৱেন শৰ্মা পথ, ধীৰেণপাৰা-৩,বিমলা নগৰ বিষ্ণুপুৰ, বিষ্ণুপুৰ-৩,আঠগাঁও-৪,আঠগাঁও-৩,লতাশিল, একে আজাদ পথ ৰিহাবাৰী,পূব শৰণীয়া,পাণ্ডু ফেৰীঘাট ক'লনী,কাহিলীপাৰা শান্তি নগৰ, বিষ্ণুপুৰ কৃষ্ণ নগৰ,বেতকুছি বামুণপাৰা দামোদৰ নগৰ,শংকৰ নগৰ উদালবাক্ৰা, কাহিলীপাৰা ক'লনী বজাৰ,পল্টনবজাৰ কেচি সেন পথ,ধীৰেণপাৰা,মালিগাঁও ৰেষ্ট কেম্প, আশ্ৰম পথ উলুবাৰী বজাৰ।
গুৰুত্বপূৰ্ণ যে বৰ্তমানলৈ গুৱাহাটীত মুঠ ১০৯টা কনটেইনমেন্ট জ'ন ঘোষণা কৰা হৈছে।২৯টা মুকলি হোৱাৰ বিপৰীতে বৰ্তমান সক্ৰিয় কণ্টেইমেন্ট জ'ন হৈ আছে ৮০টা।এই কথা প্ৰকাশ কৰিছে জিলা প্ৰশাসনে।
- Log in to post comments
- 50 views