অৱশেষত ১৯দিনৰ পিছত দেওবাৰে বাঘজান পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।সকলোৱে ভাবিছিল কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীগৰাকীয়ে তেলখাদৰ জুইয়ে বিধ্বস্ত কৰা বাঘজানবাসীৰ দুৰ্দশা চকুৰে দেখি ঘটনাস্থলীতে ঘোষণা কৰিব আৰ্থিক পেকেজ।কিন্তু দুৰ্ভাগ্যজনকভাৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক্ষতিপূৰণৰ আশ্বাস প্ৰদান কৰিয়ে উভতিল বাঘজানৰ পৰা।গুৰুত্বপূৰ্ণ যে বহুসময়ত দেখিবলৈ পোৱা যায় দেশৰ অন্য ৰাজ্যত দুৰ্ঘটনা বা দুৰ্যোগৰ সময়ত ঘটনাস্থলীতে ঘোষণা কৰা হয় কেন্দ্ৰৰ আৰ্থিক পেকেজ তথা ক্ষতিপূৰণ।কিন্তু,অসম অথবা বাঘজানৰ ক্ষেত্ৰত সেয়া নহ'ল।
ইফালে,বাঘজানবাসী ৰাইজক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰে বহুকেইটা আশ্বাস।সেই অনুসৰি-
"মাগুৰী বিলক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়া হ'ব।অইল ইণ্ডিয়াই বিল পৰিস্কাৰ কৰিব লাগিব "
"অঞ্চলটোত এখন আদৰ্শ চিকিৎসালয় আৰু এখন পশু চিকিৎসালয় স্থাপন কৰিব।"
"স্থাপন হ'ব দক্ষতা বিকাশ কেন্দ্ৰ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়।"
"বাঘজানৰ মহিলা আত্মসহায়ক গোটলৈ বিশেষ আৰ্থিক সহযোগিতা।"
"বাঘজান-তিনিচুকীয়াৰ মাজত সংযোগী পথ নিৰ্মাণ।মথাউৰি নিৰ্মাণ।"
তাপৰ্যপূৰ্ণ যে মুখ্যমন্ত্ৰী সোণোৱালৰ আশ্বাসতো ক্ষতিগ্ৰস্ত জনতা তৎকালীনভাৱে উপকৃত হোৱাকৈ ঘোষণা কৰা নহ'ল কোনো আর্থিক পেকেজ।
উল্লেখ যে মূল তেলখাদত জ্বলি থকা জুই বৰ্তমানো নিৰ্বাপিত হোৱা নাই।সমগ্ৰ গাঁওবাসীয়ে আশ্ৰয় লৈ আছে অস্থায়ী শিবিৰত।
- Log in to post comments
- 14 views