অসমৰ গ্রাম্য সমাজৰ জীৱনশৈলীত আপ্লুত এগৰাকী বিদেশী নাগৰিক।লকডাউনৰ বাবে শিৱসাগৰ জিলাৰ বকতা বকতিয়াল গাঁৱত আৱদ্ধ হৈ পৰা বিদেশী নাগৰিক গৰাকী এতিয়া ব্যস্ত কৃষিকৰ্মত।মেনুুৱেল আৰিবাচ চজিকিইউ নামৰ স্পেইনৰ পৰ্যটকগৰাকীয়ে পাৱাৰ টিলাৰ চলাই,পানী সিঁচি ব্যস্ত কঠীয়া সিঁচাত।
উল্লেখ্য যে যোৱা ১৪ ফেব্ৰুৱাৰীত গড়গাঁও মহাবিদ্যালয়ৰ যুৱ মহোৎসৱত চাইকেল চলাই উপস্থিত হৈছিল পৰ্যটক গৰাকী।পৰৱৰ্তী সময়ত বকতিয়াল গাঁৱৰ সত্যৰঞ্জন বৰবৰুৱাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰা পৰ্যটকগৰাকী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰিস্থিতিৰ বাবে ওভতিব পৰা নাই স্বদেশলৈ।ফলত বিগত চাৰি মাহ বকতাতে বাসকৰিছে পৰ্যটক গৰাকীয়ে।
ইফালে,স্থানীয় প্ৰশাসনে পৰ্যটকগৰাকীক ১৪ দিনৰ কোৱাৰেণ্টাইন কৰাৰ বাবে চৰকাৰী অতিথিশালাৰ ব্যৱস্থা কৰিছিল যদিও তেওঁ তাত যাবলৈ অমান্তি হয়।আশ্ৰয়দাতা পৰিয়ালটোৱে তেওঁক নিজ গৃহতে ৰখাৰ ব্যৱস্থা কৰিলে।
স্পেইনৰ পৰ্যটকগৰাকীয়ে প্ৰতি দিনে মাতৃলৈ ফোন কৰি বকতাবাসীৰ মৰমৰ কথা অৱগত কৰে।পৰিস্থিতি ভাল হ'লে তেওঁ চাইকেল চলাই ঘৰলৈ ঘূৰি যোৱাৰ কথা।
- Log in to post comments
- 56 views