"তিনিচুকীয়া জিলাৰ বাঘজানৰ তেলখাদ বিস্ফোৰণৰ ঘটনাৰ চিবিআই তদন্ত হ'ব লাগে।যাৰ ভুলৰ বাবে এই ঘটনাৰ হবলৈ পালে,তাৰ উচিত তদন্ত হ'ব লাগে"-এই দাবী ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।"বাঘজানৰ ঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ,অসম চৰকাৰ, অইল ইণ্ডিয়া আৰু জন এনাৰ্জী মূলত: দায়ী।তেওঁলোকৰ ভুলৰ বাবে দুজনকৈ কৰ্মচাৰীৰ মৃত্যু হোৱাৰ লগতে হাজাৰ-হাজাৰ মানুহ ক্ষতিগ্ৰস্ত আৰু জীৱকুল ধ্বংস হৈছে।"গুৱাহাটীত এখন সংবাদ মেলত এইদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।
ইফালে,ক'ল ইণ্ডিয়াক কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব বিচৰা বুলি বিস্ফোৰক অভিযোগ উথাপন কৰি গগৈয়ে কয়-"ক'ল ইণ্ডিয়া থকাটো বিচাৰিছোঁঁ।কেৱল চালেকিৰ মুক্ত খননৰ বিৰোধিতা কৰিছোঁ।কাৰণ তাত খনন হ'লে দিহিং পাটকাইৰ জৈৱ বৈচিত্ৰৰ প্ৰতি সংকট আহিব।"লগতে তেওঁ কয় যে বৈধভাৱে কয়লা খনন হ'লে আমাৰ আপত্তি নাই।কিন্তু বিজেপি নেতা-সমৰ্থকসকলে বেআইনী তথা অবৈধভাৱে খনন কৰি আছে।
"দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ বন্ধ কৰাটো সদায় বিৰোধিতা কৰোঁ।বোকাজন চিমেণ্ট উদ্যোগ বন্ধ হ'বলৈ গৈ আছে।চৰকাৰে মাত মাতিব পৰা নাই।অসম চৰকাৰৰ দুৰ্বল নেতৃত্বৰ বাবে ৰাজ্যখনে সম্পদ হেৰুৱাব লগা হৈছে"-গগৈয়ে কয়।
আনহাতে,অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন পেলনীয়া কাগজত পৰিণত হোৱা বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-"ফেব্ৰুৱাৰী মাহতে ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীয়ে প্ৰতিবেদন দাখিল কৰিছিল।সেই সময়ত গৃহমন্ত্ৰীয়ে কমিটীৰ প্ৰতিবেদন গ্ৰহণ নকৰি অসমবাসীক অপমান কৰিলে।কমিটীৰ প্ৰতিবেদন গৃহ মন্ত্ৰণালয়ে পালে নে নাই সেয়াও ঠিক নাই।"
- Log in to post comments
- 9 views