বাঘজান কাণ্ডৰ ১০০ কোটি টকাৰ ক্ষতিপূৰণৰ দাবী কৃষক মুক্তিৰ

Kmss

"তিনিচুকীয়া জিলাৰ বাঘজানৰ ঘটনাৰ সমগ্ৰ দায়িত্ব চৰকাৰৰ আৰু অইল ইণ্ডিয়া লিমিটেডে কান্ধ পাতি ল'ব লাগিব।"এই দাবী কৃষক মুক্তি সংগ্রাম সমিতিৰ‌।"ডিকমৰ অইল ইণ্ডিয়া তেলখাদত ২০০৫ চনতো বিস্ফোৰণ হৈছিল। সেইবাৰ ৰাছিয়াৰ পৰা বিশেষজ্ঞ আনি জুই নিৰ্বাপিত কৰিছিল।কিন্তু তাৰ পাছত দশক পাৰ হৈ গ'ল,আজিৰ সময়তো বাহিৰৰ পৰা  বিশেষজ্ঞ আনিব লগা হৈছে অইল ইণ্ডিয়াই।
যুগ-যুগ যোৱাৰ পিছতো অইল ইণ্ডিয়া লিমিটেডে জুই নিৰ্বাপন কৰিবলৈ অত্যাধুনিক প্ৰযুক্তি আৰু বিশেষজ্ঞ তৈয়াৰ কৰিব নোৱাৰিলে।এই কথাই প্ৰমাণ কৰে অইল ইণ্ডিয়াৰ চকু কেৱল অসমৰ তৈলসম্পদৰ ওপৰত।অসম মানুহৰ জীৱন-জীৱিকাৰ প্ৰতি দায়বদ্ধ নহয়"-এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম  সমিতিৰ সভাপতি ভাস্ক'-ডি-শইকীয়া‌ৰ।

জৈৱ-বৈচিত্ৰৰ প্ৰতি অইল ইণ্ডিয়াই কেৰেপ নকৰে বুলি উল্লেখ কৰি তেওঁ আৰু কয়-"যদি অসমৰ প্ৰতি অইল দায়বদ্ধ হ'ল হয়,বাঘজানৰ ঘটনা সংঘটিত হবলৈ নাপায়।"অসমত বেছিভাগ তৈলখাদ বহিৰাগত প্ৰতিষ্ঠানৰ অধীনত আছে।তৈলখাদসমূহ অইল ইণ্ডিয়াই নিজে চলাব লাগিব।অসমৰ জৈৱ বৈচিত্ৰৰ কথা গুৰুত্ব প্ৰদান কৰি খাদ চলাব লাগিব বুলি কৃষক মুক্তিৰ কাৰ্যালয়ত সম্বোধন কৰা সংবাদ মেলখনত তেওঁ কয়।

"অইল ইণ্ডিয়ান খনন কৰিবলৈ দিয়া ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহৰ কৰ্ম অভিজ্ঞতা, কৰ্মচাৰী আৰু বিশেষজ্ঞ নাথাকে"-শইকীয়াই লগতে কয়।

কৃষক সংগঠনটোৰ দাবী বাঘজানৰ ঘটনাৰ বাবে প্ৰদান কৰিব লাগে ১০০ কোটি টকাৰ ক্ষতিপূৰণ।লগতে,শিবিৰত থকা ক্ষতিগ্ৰস্ত শিশু,মহিলা সকলোৱে পৰ্য্যাপ্ত খাদ্য সামগ্ৰী লাভ কৰা নাই।সেয়া প্ৰদান কৰিব লাগে।

ইফালে,কিছুদিন পূৰ্বে বিশাখাপট্টনমত সংঘটিত হোৱা গেছ নিৰ্গত হোৱাৰ ঘটনা        সন্দৰ্ভত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে  যি তৎপৰতা প্ৰদৰ্শন কৰিছিল,বাঘজানৰ ঘটনাত সেই তৎপৰতা নাই।আনহে নালাগে কোনো এটা টুইট কৰা নাই প্ৰধানমন্ত্ৰীগৰাকীয়ে।এই কথা সংবাদ মেলত উল্লেখ কৰে সভাপতিগৰাকীয়ে।

ইফালে,ডিব্ৰু-ছৈখোৱাত নতুনকৈ ৭টা তৈলখাদ খননৰ অনুমতি প্ৰদান কৰা কাৰ্যক বিৰোধিতা কৰি কয়-"অচিৰেই এই খাদসমূহৰ খননৰ অনুমতি প্ৰত্যাহাৰ কৰক।"অন্যথা তীব্ৰ গণ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।

Your Comments