বাঘজানৰ অইল ইণ্ডিয়াৰ তৈল খাদত সংঘটিত অগ্নিকাণ্ডৰ পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে।মঙলবাৰে দিনৰ ভাগতে সূত্ৰপাত হোৱা জুই এতিয়াও জ্বলি আছে।মুহূৰ্ততে জ্বলি চাৰখাৰ হৈছে ঘৰ-বাৰী,জীৱকুল।জুই নিৰ্বাপিত কৰিবলৈ চাৰি সপ্তাহ প্ৰয়োজন হ'ব বুলি বিশেষেজ্ঞ দলে প্ৰকাশ কৰিছে।
আনহাতে,ঘটনা সন্দৰ্ভত মৌন ব্ৰত পালন কৰিছে অইল ইণ্ডিয়াই।
তাৎপৰ্যপূৰ্ণ যে ঘটনা সংঘটিত হোৱাৰ সময়ত তেলখাদটোত কৰ্মৰত দুজন অইল ইণ্ডিয়াৰ কৰ্মচাৰী বৰ্তমান সন্ধানহীন হৈ আছে।অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী দুজন হৈছে দুৰ্লভ গগৈ আৰু তীখেশ্বৰ গোহাঁই।ইফালে সন্ধানহীন কৰ্মচাৰী দুজনৰ সন্দৰ্ভত অইল ইণ্ডিয়াই প্ৰকাশ কৰা নাই কোনো তথ্য।পৰিয়ালৰ সদস্যসকলে সন্ধানহীন হৈ থকা কৰ্মচাৰী দুজনৰ সন্ধানত কাষ চাপিছে অইলৰ।
গুৰুত্বপূৰ্ণ যে ইমান ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতো ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কেৱল টেলিফোনিক বাৰ্তালাপ কৰিয়েই সামৰিছে দায়িত্ব।নিজে বাঘজানৰ পৰিস্থিতিৰ তদাৰক কৰা বিপৰীতে ঘটনাস্থলী পৰ্যবেক্ষণ কৰাৰ বাবে নির্দেশ দিছে মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীক।সেই নির্দেশ মানি আজি বাঘজানলৈ যাব মন্ত্ৰী পাটোৱাৰী।
ইফালে,অঞ্চলবাসী ৰাইজে জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থত ঘৰ-সম্পত্তি সকলো এৰি পলায়ন কৰিছে আশ্ৰয় শিবিৰলৈ।
- Log in to post comments
- 28 views