'বাঘজানৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়োজন হ'ব পাৰে এমাহ সময়'

Baghjan Fire

ক্ৰমাৎ ভয়ংকৰ হৈছে বাঘজানৰ অইল ইণ্ডিয়া তেল খাদৰ জুইৰ গতি।জুইৰ লেলিহান শিখাই আৱৰিছে নতুন নতুন অঞ্চল।সমগ্ৰ অঞ্চল কলা ধোঁৱাই আগুৰি ধৰিছে।ঘৰ এৰি নিৰাপদ স্থানলৈ পলায়ন কৰিছে বাঘজানবাসী।চকুৰ পচাৰতে ভয়ংকৰ জুইয়ে জ্বলাই ছাৰখাৰ কৰিছে সপোনৰ ঘৰখন।

ইফালে,জুই ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰাৰ লগে ভাবুকি আহিছে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি।ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ  সোণোৱালে ৰাইজক শংকিত নহবলৈ আহ্বান জনোৱাৰ সময়তে জুই নিয়ন্ত্ৰণত অসহায় হৈ  পৰাৰ কথা স্বীকাৰ কৰিছে অইল ইণ্ডিয়া আৰু ছিংগাপুৰৰ তিনিজনীয়া বিশেষজ্ঞৰ দলে।তেওঁলোকৰ মতে জুই নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়োজন হ'ব পাৰে এমাহ।তাৰ পূৰ্বে জুই নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব বুলি উল্লেখ কৰিছে।

Your Comments