গুৱাহাটীত আম আদমী পাৰ্টীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত।দলটোৰ অসম ৰাজ্যিক সমিতি আৰু গুৱাহাটী মহানগৰ জিলা সমিতিয়ে গুৱাহাটীৰ ৰ'টাৰী ক্লাবত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী।
খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত যোগান বিভাগ সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ আম আদমী পাৰ্টীৰ,অসম ৰাজ্যিক সমিতিৰ যুটীয়া সমন্বয়ক আব্দুল ৱাহিদৰ।তেওঁ কয়-"চৰকাৰে শীঘ্ৰে খাদ্য সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰক।সাধু ব্যৱসায়ীসকলক নাকী লগাই নিয়ন্ত্ৰণ কৰক।"
উল্লেখ যে ক'ৰ'না ভাইৰাছৰ বাবে সম্পূৰ্ণ সামাজিক দূৰত্ব মানি সাব্যস্ত কৰা প্ৰতিবাদত হাতে-হাতে মূল্যবৃদ্ধি বিৰোধী বিভিন্ন শ্লোগান সম্বলিত প্লে'কাৰ্ড প্ৰদৰ্শন কৰে প্ৰতিবাদীসকলে।
প্ৰতিবাদী কাৰ্যসূচীত 'আপ'ৰ মহানগৰ জিলা সমিতিৰ নেতৃত্বয়ো অংশগ্ৰহণ কৰে।
- Log in to post comments
- 19 views