কটন বিশ্ববিদ্যালয়ৰ 'আছু' গোটৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।'লকডাউন'ৰ বাবে উচ্চতৰ মাধ্যমিক প্ৰথমবর্ষ,স্নাতক আৰু স্নাতকোত্তৰত নতুনকৈ নামভৰ্তি কৰিব লগা ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ বাবে মুকলি কৰিছে "নামভৰ্তি হেল্প ডেক্স"।
উল্লেখ যে লকডাউনৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয় খনত নামভৰ্তি কৰাত সন্মুখীন হ'ব পৰা প্ৰতিটো সমস্যা সমাধান কৰাৰ বাবে আছু গোটে মুকলি কৰিছে এই হেল্প ডেক্স।
গুৰুত্বপূৰ্ণ কথা যে চলিত বর্ষত ক'ৰ'না ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ অনলাইনত হ'ব নামভৰ্তি।ফলত বহু ছাত্ৰ-ছাত্ৰী সন্মুখীন হ'ব পাৰে নানা সমস্যাৰ।সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি আছু গোটে মুকলি কৰিছে বিশেষ ফোন নম্বৰসহ হেল্প ডেক্স।
বিশ্ববিদ্যালয়ৰ আছু গোটৰ পৰা প্ৰকাশ কৰা অনুসৰি বিভিন্ন শাখা বা বিভাগৰ যোৱা বর্ষৰ কাট্-অফ মাৰ্কচৰ লগতে নামভৰ্তিৰ লগত জড়িত থকা যিকোনো ধৰণৰ খুটি-নাটি দূৰ কৰিবলৈ হেপ্ল ডেক্সৰ সৈতে যোগাযোগ কৰিব পাৰে।
- Log in to post comments
- 20 views