কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰোধিতা:উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰেলকর্মীৰ প্ৰতিবাদ

Protest

শ্ৰম আইন সংশোধন,কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালৰ মৰগীয়া ভাট্টা কৰ্তন আৰু দেশৰ লাভজনক উদ্যোগসমূহ পুঁজিপতিৰ হাতত গটাই দিয়া আদি সিদ্ধান্তৰ বিৰোধিতাৰে অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচন আৰু এনএফ ৰেলৱে মজদুৰ ইউনিয়নে সোমবাৰে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী।উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।

সামাজিক দূৰত্ব ৰক্ষা কৰি ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ নাম দিয়া হয় "ক'লা দিৱস।"

Protest

অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচনৰ সভাপতি তথা এনএফ ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তই কয়-"দেশবাসীৰ ক'ৰ'না আতংক আৰু লকডাউনৰ বাবে ঘৰত আৱদ্ধ হৈ থকাৰ সুযোগ লৈ কেন্দ্ৰীয় চৰকাৰে শ্ৰমিক বিৰোধী কাৰ্যত লিপ্ত হৈছে।দেশৰ লাভজনক উদ্যোগসমূহ বিক্ৰী কৰিবলৈ ধৰিছে।শ্ৰমিকৰ কৰ্তব্যৰ সময় আঠ ঘণ্টাৰ পৰা বৃদ্ধি কৰি বাৰ ঘণ্টা কৰি শ্ৰম আইন সংশোধন কৰিছে।কেন্দ্ৰীয় চাকৰিয়ালৰ মৰগীয়া বানচ বন্ধ কৰি কৰ্মচাৰী আৰু পেন্সনাৰসকলক নিজৰ প্ৰাপ্যৰ পৰা বন্সিত কৰিছে।"

"কৰ্মচাৰী আৰু পেন্সনাৰে বছৰত দুবাৰ মৰগীয়া বানচ লাভ কৰাটো বিধিসন্মত প্ৰক্ৰিয়া।চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰাৰ পৰিৱৰ্তে কৰ্মচাৰীৰ মৰগীয়া বানচৰ কিস্তি ৰদ কৰা কাৰ্যই কৰ্মচাৰীক ক্ষতিগ্ৰস্ত কৰাৰ লগতে মনোবল ভাঙি পেলাব"- দাসগুপ্তাই কয়। 

কেন্দ্ৰীয় চৰকাৰৰ এনে শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে চাকৰিয়াল আৰু জনসাধাৰণক সজাগ কৰি তুলিবলৈ এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি
দাসগুপ্তই কয়-"সমূহ ৰেল শ্ৰমিকে বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি চৰকাৰী নীতি-নিয়মৰ মাজেৰে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে।"

Your Comments