মুকলি হ'ল ৰাজ্যৰ ধর্মীয় অনুষ্ঠান,কিন্তু আজি মুুকলি নহয় কামাখ্যা দেৱালয় 

Kamakhya

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নির্দেশ অনুসৰি সমগ্ৰ দেশৰ লগতে সোমবাৰৰ পৰা ৰাজ্যত মুকলি হ'ল ধৰ্মীয় অনুষ্ঠানসমূহ।যোৱা ২৪ মার্চৰ পৰা ভক্তৰ বাবে বন্ধ হৈ থকা ধৰ্মীয় অনুষ্ঠানসমূহ সুদীৰ্ঘ ৭৫দিনৰ মূৰত মুকলি হৈছে।

প্ৰশাসনৰ কঠোৰ নীতি-নিয়মৰ মাজেৰে ৰাজ্যৰ প্ৰায়সমূহ ধৰ্মীয় অনুষ্ঠান ভক্তৰ বাবে মুকলি হোৱাৰ বিপৰীতে আজি মুকলি নহয় শক্তিপীঠ কামাখ্যা দেৱালয়।এই কথা প্ৰকাশ কৰিছে সদৌ অসম দেৱালয় সংঘৰ প্ৰধান সম্পাদক কৈলাশ শৰ্মাই।কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বান্ধি দিয়া নিৰ্দেশনা মানি মুকলি হৈছে দেৱালয়সমূহ।কিন্তু শক্তিপীঠ কামাখ্যা দেৱালয় অহা ৩০জুনলৈকে বন্ধ থাকিব।

উল্লেখ যে পূৰ্বৰ বর্ষসমূহৰ দৰে নীলাচলৰ শক্তিপীঠখনত এইবাৰ উদযাপন নহয় অম্বুবাচী মেলা।সমাগম নহ'ব সাধু আৰু ভক্তৰ।নিয়মমাফিক পূজাৰে আয়োজিত হ'ব  অম্বুবাচীৰ।এই কথা ইতিমধ্যে ঘোষণা কৰিছে দেৱালয়খনৰ কৰ্তৃপক্ষই।

Your Comments