আনলক-১:সোমবাৰৰ পৰা ৰাজ্যত কি কি মুকলি হ'ব জানি লওঁক

Unlock-1

সুদীৰ্ঘ ৭৫দিনৰ অন্তত সোমবাৰৰ পৰা কঠোৰ নীতি-নিয়মৰ মাজেৰে ৰাজ্যত মুকলি হ'ব ধৰ্মীয় অনুষ্ঠান,হোটেল,ৰেস্তোৰাঁ,শ্ব'পিং মল।ভক্তক আদৰাৰ বাবে ৰাজ্যৰ ধর্মীয় অনুষ্ঠানসমূহ সাজু কৰি তোলা হৈছে।একেদৰে শ্বপিং মল,ৰেস্তোৰাঁসমূহো গ্ৰাহকক আদৰিৰ বাবে আঢ়ৈ মাহ বন্ধৰ পিছত পুনৰ সাজু কৰি তোলা হৈছে।

প্ৰশাসনৰ তৰফৰ পৰা ধৰ্মীয় অনুষ্ঠানসমূহত ভক্তক প্ৰৱেশৰ পূৰ্বে হাত ছেনিটাইজ কৰাৰ লগতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে।লগতে,ধৰ্মীয় অনুষ্ঠানসমূহত সামাজিক দূৰত্ব মানি চলিবলৈ জাৰি কৰা হৈছে নির্দেশ।

গুৰুত্বপূৰ্ণ যে ধৰ্মীয় অনুষ্ঠানসমূহত থকা মূৰ্তি স্পৰ্শ কৰাত বাধা আৰোপ কৰিছে প্ৰশাসনৰ তৰফৰ পৰা।

ইফালে,হোটেল-ৰেস্তোৰাঁসমূহতো সামাজিক দূৰত্ব,ছেনিটাইজ আৰু মাস্ক পৰিধান বাধ্যতামূলক কৰিছে প্ৰশাসনে।

শ্ব'পিং মলসমূহতো গ্ৰাহকসকলে যাতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি বজাৰ কৰে,তাৰ বাবে কৰ্তৃপক্ষক ব্যৱস্থা ল'বলৈ নির্দেশ প্ৰদান কৰা হৈছে।শ্ব'পিং মলসমূহ সঘনাই কৰি থাকিব লাগিব চাফ-চিকুণ।মাস্ক পিন্ধাতো সকলোৰে বাবে বাধ্যতামূলক।

তাৎপৰ্যপূর্ণ যে যোৱা ২৪ মার্চৰ পৰা বন্ধ হৈ আছে এই অনুষ্ঠানসমূহ।লকডাউন কিছু শিথিল হোৱাৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মুকলি  কৰাৰ বাবে নির্দেশ প্ৰদান কৰিছে।

Your Comments