'বিজেপি বাৰ্তা'ত মুখ্যমন্ত্ৰীৰ পৰিচয় পালে মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই

Pic

অসম ৰাজ্যিক বিজেপিৰ বাৰ্তালোচনী 'বিজেপি বাৰ্তা'ৰ ৪২ সংখ্যাটো মঙলবাৰে উন্মোচন কৰে দলটোৰ সাংসদ দিলীপ শইকীয়াই।মুখপত্ৰখনত শেষৰ ফালে প্ৰকাশ পোৱা এখন ক'ভাৰ ফটোত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আখ্যা দিয়া হৈছে।বিশেষ ফটোখনৰ টেগলাইনটোত লিখা হৈছে-"মুখ্যমন্ত্ৰীৰ কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শন।"কিন্তু ফটোত নাই মুখ্যমন্ত্ৰী।তাৰ বিপৰীতে আছে ৰাজ্যৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা।

Pic

উল্লেখ্য যে মুখপত্ৰখনৰ সম্পাদনাৰ দায়িত্বত আছে ড:দেৱদত্ত বৰকটকী।এতিয়া ফটোখনলৈ আৰম্ভ হৈছে বিভ্ৰান্তি।স্বাস্থ্য মন্ত্ৰী য়ে মুখ্যমন্ত্ৰী ৰ পৰিচয়  লাভ কৰাটোত সৃষ্টি  হৈছে চাঞ্চল্যৰ।

Your Comments