আজমল ফাউণ্ডেচনে অসম সাহিত্য সভালৈ আগবঢ়ালে ১০টা কম্পিউটাৰ

Pic

অসম সাহিত্য সভাৰ সৈতে আজমল ফাউণ্ডেচনৰ তৃতীয় বর্ষপূৰ্তি উপলক্ষে    শুকুৰবাৰে অসম সাহিত্য সভাৰ ভৱনত অসম সাহিত্য সভা আৰু আজমল ফাউণ্ডেচন এক অন্তৰঙ্গ আলোচনাত মিলিত হয় ।

আলোচনাত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি-সম্পাদক ক্ৰমে ডঃ পৰমানন্দ ৰাজবংশী আৰু পদুম ৰাজখোৱা।আজমল ফাউণ্ডেচনৰ হৈ উপস্থিত থাকে এআইইউডিএফৰ সাংসদ বদৰুদ্দিন আজমল প্ৰমুখ্যে আজমল ফাউণ্ডেচনৰ বহুকেইজন প্ৰতিনিধি।

বিগত বর্ষসমূহৰ দৰে আজমল ফাউণ্ডেচনে অন্তৰংগ আলোচনাৰ মাজতে অসম সাহিত্য সভালৈ ১০টা কম্পিউটাৰ আগবঢ়ায়।মুঠ ১৭টা কম্পিউটাৰ সাহিত্য সভাক প্ৰদান কৰিব বুলি অন্তৰংগ আলোচনাত উল্লেখ কৰে ফাউণ্ডেচনে।

চৰ অঞ্চলসমূহত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সাহিত্য সভাৰ সৈতে ঐক্যবদ্ধ পদক্ষেপ গ্ৰহণ কৰিব বুলি ফাউণ্ডেচনে উল্লেখ কৰে।

Your Comments