জয়পুৰত 'আছু'ৱে ঘেৰাও কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক

নামৰূপৰ পৰা সমীৰণ বৰুৱা: কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীক ঘেৰাও কৰিলে 'কেব' বিৰোধী প্ৰতিবাদকাৰীয়ে ৷ উল্লেখ্য যে শনিবাৰে দুপৰীয়া বিমানযোগে দিল্লীৰ পৰা নিজৰ সমষ্টিলৈ আহিছিল সাংসদ তথা মন্ত্ৰী তেলী ৷ ইয়াৰ পাছতে বিয়লি জয়পুৰত উপস্থিত হয় ৰামেশ্বৰ তেলী ৷ উদ্দেশ্য জয়পুৰত অনুষ্ঠিত হ’বলগীয়া বৰ্ষাৰণ্য উৎসৱৰ তদাৰক কৰা ৷ কিন্তু ৰামেশ্বৰ তেলী জয়পুৰলৈ অহাৰ বাতৰি পাই উক্ত স্থানত সমৱেত হয় নাহৰকটীয়া-জয়পুৰ- নামৰূপৰ শতাধিক আছুৰ কৰ্মকৰ্তা ৷ সকলোৰে উদ্দেশ্য এটাই - জাতিধ্বংসী কেবৰ প্ৰসংগত ৰামেশ্বৰ তেলীক জবাবদিহী কৰা ৷ আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ বাধা দিবলৈ চেষ্টা চলাইছিল যদিও শেষ ৰক্ষা নহ’ল ৰামেশ্বৰ তেলীৰ ৷ বহু সময় ধৰি লুকাভাকু খেলাৰ পাছত প্ৰতিবাদকাৰীৰ সন্মুখেদি ধিকৃত হৈ একপ্ৰকাৰ।পলায়ন কৰিবলৈ বাধ্য হ’ল স্থানীয় সাংসদগৰাকী ৷ ইফালে 'কেব' সম্পৰ্কে মুখ্যমন্ত্ৰীৰ যি স্থিতি,সেয়াই তেওঁৰো স্থিতি বুলি দোহাৰে ৰামেশ্বৰ তেলীয়ে ! আছুৰ প্ৰতিবাদক একপ্ৰকাৰে কটাক্ষ কৰি তেলীয়ে কয় 'কেব' সম্পৰ্কে দিল্লীলৈ আছুৰ নেতৃত্বক মাতি নি বুজাই দিয়াৰ পিছতহে কেন্দ্ৰীয় কেবিনেটত কেব পাছ হৈছে।

Your Comments