বৰভাগত 'কেব' বাতিলৰ দাবীত 'আছু'ৰ চাইকেল ৰেলী

Pic

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা:

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বৰভাগ আঞ্চলিক ছাত্র সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দেওবাৰে এটা চাইকেল ৰেলীৰ কাৰ্যসূচী ৰূপায়ণ কৰে । বৰভাগৰ ৰণাকুছিস্থিত শ্বহীদ ভৱনৰ পৰা আৰম্ভ কৰা চাইকেল সমদলত শতাধিক আছু কৰ্মীয়ে অংশ গ্ৰহণ কৰি 'কেব'ৰ বিৰুদ্ধে 'নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ মানি নল‌ও', 'বিজেপি চৰকাৰ হায় হায়' আদি ভিন্ন শ্লোগানৰ প্লে'কাৰ্ড লৈ ৰাজপথ উত্তাল কৰে।সমদলৰ আৰম্ভণিতে নলবাৰী জিলা ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তই তেওঁৰ বক্তব্যত 'কেব'ক অসাংবিধানিক আৰু খিলঞ্জীয়া বিৰোধী আখ্যা দিয়ে । কমাৰকুছিত অন্ত পৰা চাইকেল ৰেলীত বৰভাগ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ব্ৰজেন কলিতাই 'কেব' বাতিল নোহোৱা পৰ্য্যন্ত এই সংগ্ৰাম চলি থাকিব বুলি বক্তব্য আগবঢ়ায় । 

Your Comments