অসমীয়া ছবিৰ ইতিহাসত নতুন অভিলেখ:'ৰত্নাকৰ'ৰ মুক্তিলাভৰ দুটা দিনতে ৯০.৫ লাখ টকা উপাৰ্জন

Ratnakar

'কাঞ্চলজংঘা'ৰ অভিলেখ ভংগ কৰাৰ দিশত আগবাঢ়িছে শুকুৰবাৰে মুক্তিলাভ কৰা অসমীয়া ছবি 'ৰত্নাকৰ'-এ।জনপ্ৰিয় অভিনেতা যতীন বৰা পৰিচালিত বহুপ্ৰতীক্ষিত ছবিখনে মুক্তিৰ প্ৰথম দিনটোত ৪১লাখ টকা ব্যৱসায় কৰাৰ পাছত শনিবাৰে উপাৰ্জন কৰিলে ৪৯.৫লাখ টকা।সেই উপাৰ্জনেৰে অসমীয়া ছবিৰ ইতিহাসত মুক্তিৰ দুটা দিনত সৰ্বাধিক ব্যৱসায় কৰা প্ৰথমখন অসমীয়া ছবিৰ কৃতিত্ব লাভ কৰিছে ৰত্নাকৰে।


ইফালে,মুক্তিৰ দুটা দিনত ৰত্নাকৰৰ প্ৰতি দর্শকৰ আদৰ দেখি উৎফুল্লিত হৈ পৰিছে ছবিখনৰ প্ৰতিগৰাকীৰ কলা-কুশলী।ৰত্নাকৰ টীমৰ হৈ সমূহ অসমবাসীক ধন্যবাদ জনাইছে ছবিখনৰ পৰিচালক- অভিনেতা যতীন বৰাই।আনহাতে ছবিগৃহসমূহত ৰত্নাকৰ উপভোগ কৰাৰ বাবে দর্শকৰ হেঁপাহ দেখি ছবিগৃহসমূহত ইতিমধ্যে বৃদ্ধি কৰা হৈছে দৰ্শনী। বিশেষকৈ মহানগৰীৰ 'অনুৰাধা'কে ধৰি প্ৰায়বোৰ ছবিগৃহত হাউচফুল হৈছে দর্শনীসমূহ। বহুজনে আকৌ টিকট নাপাই হতাশাৰে ওভতিব লগা হৈছে ঘৰলৈ। উল্লেখ্য যে অসমৰ বাহিৰেও মুম্বাই,পুনেকে ধৰি বহুকেইখন মহানগৰত প্ৰদৰ্শিত হৈছে ছবিখন।

Your Comments