বিশ্বকাপ ক্ৰিকেটৰ বিভিন্ন কথা...

wc

৩০ মে’ৰ পৰা ক্ৰিকেটৰ মহাৰণ৷ এই মহাৰণক লৈ সাজু হৈছে বিশ্বৰ ১০খন দেশৰ যুঁজাৰুসকল, নিজৰ নিজৰ অস্ত্ৰ লৈ৷ আজি অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠান৷ বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসৰ কেইটামান কথা ইয়াত উল্লেখ কৰা হ’ল- 
(১) এইবাৰৰ বিশ্বকাপ ক্ৰিকেট আয়োজন কৰিছে ইংলেণ্ড আৰু ৱেলছে৷ বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত ইংলেণ্ডেই একমাত্ৰ দেশ যিয়ে সৰ্বাধিকবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেট আয়োজন কৰিছে৷ এই পৰ্যন্ত ইংলেণ্ডে আয়োজক হিচাপে ৪বাৰ বিশ্বকাপ আয়োজন কৰিছে৷
(২) ১৯৮৭ চনৰ বিশ্বকাপ আছিল ইংলেণ্ডৰ বাহিৰত অনুষ্ঠিত হোৱা প্ৰথমখন বিশ্বকাপ৷ 
(৩) ক্লাইভ লয়ড আৰু ৰিকী পণ্টিং হ’ল বিশ্বৰ এনে দুগৰাকী অধিনায়ক যাৰ নেতৃত্বতে দলে দুবাৰকৈ বিশ্বকাপ জয় কৰে৷ ১৯৭৫, ১৯৭৯ ক্লাইভ লয়ডৰ নেতৃত্বত ৱেষ্ট ইণ্ডিজে আৰু ২০০৩ আৰু ২০০৭ত ৰিকী পণ্টিঙৰ নেতৃত্বত অষ্ট্ৰেলিয়াই বিশ্বকাপ দখল কৰে৷

chetan

(৪) ১৯৯২ৰ বিশ্বকাপ হ’ল প্ৰথমখন বিশ্বকাপ, য’ত প্ৰথমবাৰৰ বাবে বগা বল ব্যৱহাৰ কৰা হয় আৰু ৰঙীণ পোছাক পৰিধানেৰে দিবা-নৈশ খেল অনুষ্ঠিত হয়৷
(৫) বিশ্বকাপত হেটট্ৰিক কৰা প্ৰথমগৰাকী বলাৰ হ’ল ভাৰতৰ চেতন শৰ্মা৷ তেওঁ ১৯৮৭ চনৰ বিশ্বকাপত নিউজীলেণ্ডৰ বিপক্ষে এই হেটট্ৰিক অৰ্জন কৰিছিল৷ ১৯৮৭ চনৰ ৩১ অক্টোবৰত নাগপুৰত অনুষ্ঠিত বিশ্বকাপৰ এখন খেলত নিউজীলেণ্ডৰ বিপক্ষে চেতন শৰ্মাই এই হেটট্ৰিক অৰ্জন কৰে৷
(৬) বৰ্ণ বৈষম্যবাদৰ বিতৰ্কত সোমাই বিশ্বকাপৰ ৪ৰ্থ সংস্কৰণ পৰ্যন্ত দক্ষিণ আফ্ৰিকা বিশ্বকাপ ক্ৰিকেটত অংশগ্ৰহণ ক্ষেত্ৰত নিষেধাজ্ঞাৰ সন্মুখীন হৈ আছিল৷ ১৯৯২ চনৰ পঞ্চম বিশ্বকাপৰ পৰাহে দক্ষিণ আফ্ৰিকাই বিশ্বকাপত অংশগ্ৰহণৰ সুবিধা লাভ কৰে৷ 

glen

(৭) বৰ্তমানলৈকে বিশ্বকাপ ক্ৰিকেটৰ সৰ্বাধিক উইকেট দখলৰ অভিলেখ আছে গ্লেন মেকগ্ৰাথৰ নামত৷ অষ্ট্ৰেলিয়াৰ মেকগ্ৰাথৰ নামত বিশ্বকাপ ইতিহাসৰ সৰ্বাধিক উইকেট দখলৰ অভিলেখ ৭২টা এতিয়াও অক্ষত আছে৷
(৮) বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ অভিলেখৰ গৰাকী হৈছে শচীন তেণ্ডুলকাৰ৷ তেণ্ডুলকাৰে বিশ্বকাপ ইতিহাসত ১৭৯৬ ৰাণ সংগ্ৰহ কৰি এই অভিলেখ এতিয়াও নিজৰ নামত ৰাখিছে৷ আনহাতে, ২০০৩ চনৰ বিশ্বকাপত ৬৭৩ ৰাণ সংগ্ৰহ কৰি শচীন তেণ্ডুলকাৰে নিৰ্দিষ্ট এখন বিশ্বকাপত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ অভিলেখো নিজৰ দখলত ৰাখিছে৷ 
(৯) অষ্ট্ৰেলিয়া হ’ল বিশ্বৰ একমাত্ৰ দেশ যিয়ে এতিয়ালৈকে ৫বাৰ বিশ্বকাপ ক্ৰিকেটত জয়ৰ মুকুট পিন্ধিছে৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল ১৯৯৯, ২০০৩ আৰু ২০০৭ত ক্ৰমাগতভাৱে তিনিবাৰৰ বাবে অষ্ট্ৰেলিয়াই বিশ্বকাপ দখল কৰিছিল৷

Your Comments