গুৱাহাটী নেমকেয়াৰ চিকিৎসালয় আইচিইউ বৃহস্পতিবাৰে ৰাতি ২.১০ বজাত মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে জনপ্ৰিয় ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা পৰাগ শৰ্মাই। উল্লেখ্য যে শৰ্মা দীৰ্ঘদিনৰ পৰা জণ্ডিচ আৰু যকৃতৰ গুৰুত্বৰ ৰোগত ভুগি চিকিৎসাধীন হৈ আছিল। কালি হঠাৎ অভিনেতাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ নেমকেয়াৰ হাস্পতালত।
তাতেই মৃত্যু হয় মঞ্চ অভিনেতাজনৰ। ইফালে শৰ্মাই মৃত্যুৰ বাতৰি অসমৰ ভ্ৰাম্যমাণ জগতত বিয়পি পৰাৰ লগে লগে শোকত ম্ৰিয়মান হৈ পৰিছে ভ্ৰাম্যমান জগতখন। শৰ্মাৰ মৃত্যু অসমৰ ভ্ৰাম্যমাণ জগতখনৰ বাবে এক অপুৰণীয় ক্ষতি হৈ ৰ'ব ।
আনহাতে শৰ্মা মৃত্যুৰ সময়ত নেমকেয়াৰ চিকিৎসালয়ত ৰাতিয়েই উপস্থিত হয় নাট্যকাৰ-পৰিচালক অভিজিত ভট্টাচাৰ্য, বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক বংকিম ৰায় মেধি, নজৰুল হক, ৰফিজোল আলিৰ লগতে অসম চলচিত্ৰ বিত্ত নিগম অধ্যক্ষ যতীন বৰা।
- Log in to post comments
- 54 views