গুৱাহাটী বিহু সন্মিলনীৰ 'বিহু সম্ৰাজ্ঞী'ৰ বাছনি : ২৩ মাৰ্চৰ পৰা ৰাজ্যৰ ৩ ঠাইত প্ৰাৰম্ভিক প্ৰতিযোগিতা

গুৱাহাটী বিহু সন্মিলনীৰ 'বিহু সম্ৰাজ্ঞী'ৰ বাছনি : ২৩ মাৰ্চৰ পৰা ৰাজ্যৰ ৩ ঠাইত প্ৰাৰম্ভিক প্ৰতিযোগিতা

বিগত বর্ষসমূহৰ দৰে এইবাৰো অহা ১৪ এপ্ৰিল পৰা ১৭ এপ্ৰিললৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ঐতিহাসিক গুৱাহাটী বিহু সন্মিলন। ঐতিহাসিক লতাশিল খেলপথাৰত অনুষ্ঠিত হ'বলগা এইবাৰ গুৱাহাটী বিহু সন্মিলনে 'বিহু সম্ৰাজ্ঞী' প্ৰতিযোগিতাত সংযোজন ঘটাইছে এক নতুন নিয়ম। সেই অনুযায়ী এইবাৰ ঐতিহাসিক বিহু সন্মিলনখনত "বিহু সম্ৰাজ্ঞী" প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে প্ৰতিযোগীসকলে অৱতীৰ্ণ হ'ব লাগিব গুৱাহাটী বিহু সন্মিলনীয়ে অনুষ্ঠিত কৰা বাছনি প্ৰতিযোগিতাত। এই কথা আজি এক সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে গুৱাহাটী বিহু সন্মিলনীয়ে।

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলখনত গুৱাহাটী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক নিলোপম দাসে কয় যে সমগ্ৰ অসমৰ প্ৰতিযোগীসকলৰ সুবিধা অনুযায়ী গুৱাহাটী বিহু সন্মিলনীয়ে অহা ২৩, ২৪ আৰু ৩১ মাৰ্চত অসমৰ তিনি ঠাই ক্ৰমে তেজপুৰ, যোৰহাট আৰু গুৱাহাটীত আয়োজন কৰিছে "বিহু সম্ৰাজ্ঞী" মূল প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগীৰ বাছনি প্ৰক্ৰিয়া। লগতে উল্লেখ কৰে যে এই বাছনি প্ৰতিযোগিতাৰ পৰাই মুঠ ১৫গৰাকী প্ৰতিযোগীক বাছনি কৰি মূল প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰাৰ কথা। 

আনহাতে, এই সংবাদমেলতে বিহু সন্মিলনীখনৰ সভাপতি অশোক কুমাৰ বিষয়াই বাছনি প্ৰতিযোগিতাত অংশগ্ৰহণ সন্দৰ্ভত কয় যে যিসকল প্ৰতিযোগীয়ে এই বাছনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে ৩০০ টকাকৈ নামভৰ্তি মাচুল দিব লাগিব। লগতে বাছনি প্ৰতিযোগিতা স্থানৰ ভিত্তিত কোন কোন জিলাৰ প্ৰতিযোগীয়ে ক'ত অংশগ্ৰহণ কৰিব লাগিব সেই সন্দৰ্ভত কয়- অহা ২৩ মাৰ্চত তেজপুৰৰ বাণ থিয়েটাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগা বাছনি শিবিৰত মুঠ আঠখন জিলাৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিব পাৰিব। সেই অনুযায়ী শোণিতপুৰ, দৰং, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, নগাঁও, হোজাই, ওদালগুৰি।

একেদৰে ২৪ মাৰ্চত যোৰহাটৰ জয়হিন্দ থিয়েটাৰ, তৰাজানত অনুষ্ঠিত হ'বলগা বাছনি শিবিৰত অংশগ্ৰহণ কৰিব পাৰিব ৯খন জিলাৰ প্ৰতিযোগীয়ে। তাৰ ভিতৰত আছে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, গোলাঘাট, ডিফু, যোৰহাট, চৰাইদেউ আৰু ডিমা হাচাও। ঠিক একেদৰে ৩১ মাৰ্চত গুৱাহাটীৰ উজানবজাৰস্থিত কুমাৰ ভাস্কৰ নাট্যমন্দিৰত অনুষ্ঠিত হ'বলগা বাছনি শিবিৰত অংশগ্ৰহণ কৰিব পাৰিব মুঠ ১৪খন জিলাৰ প্ৰতিযোগীয়ে। তাৰ ভিতৰত নলবাৰী, বৰপেটা, বঙাইগাঁও, বাক্সা, গোৱালপাৰা, কৰিমগঞ্জ, ধুবুৰী, শিলচৰ, কামৰূপ(মে), কামৰূপ(গ্ৰা), কোকৰাঝাৰ, হাইলাকান্দি আৰু চিৰাং। 

ইয়াৰ উপৰি এই "বিহু সম্ৰাজ্ঞী" প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগীসকলৰ বাবে বিহু সন্মিলনীখনে বান্ধি দিছে কিছু গুৰুত্বপূৰ্ণ নিয়ম। সেই অনুযায়ী প্ৰতিযোগীৰ বয়স ১৮ বছৰ ঊৰ্ধ্বৰ লগতে শ্ৰেষ্ঠ বৰবিহুৱতী, বিহুৱতী, বিহুৰাণী অথবা তেনে সমপৰ্যায়ৰ সন্মান থাকিব লাগিব। প্ৰতিযোগিতাত বিবাহিত মহিলাই অংশগ্ৰহণ কৰিব নোৱাৰিব বুলিও জানিবলৈ দিয়ে। ইয়াৰ উপৰি বিহু সন্মিলনীখনে প্ৰতিযোগীসকলৰ বাবে বান্ধি দিছে আৰু ভালেকেইটা নিয়ম।
  
আনহাতে, বাছনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগীসকলক তেজপুৰত ৯৪৩৫৭-৬০৩৬৪, যোৰহাটৰ বাবে ৯৪৩৫০-৫০৩৩৩ আৰু গুৱাহাটীৰ বাবে ৯৪৩৫১-৯৩০৪২ যোগাযোগ কৰিবলৈ আহ্বান জনায়।

Your Comments