অসমীয়াৰ বাপতিসাহোন বিহুক বিশ্ব দৰবাৰত উজলাই তোলাৰ বাবে সাতসৰী সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সন্থাৰ এক ব্যক্তিক্ৰমী প্ৰয়াস। অহা ৩১ মাৰ্চত গুৱাহাটী মহানগৰীত সন্থাৰ উদ্যোগত ১০০ ঢুলীয়াৰ ঢোলৰ চাপৰত আৰু ৫০০তকৈ অধিক বিহুৱতীৰ নাচৰ লহৰত "ইণ্ডিয়ান বুক অব্ ৱৰ্ল্ড ৰেকৰ্ড"ৰ বাবে প্ৰদৰ্শন কৰা হ'ব বিহুনৃত্য। এই কথা মঙলবাৰে সংবাদমেলত জানিবলৈ দিয়ে সাতসৰী সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সন্থাৰ সম্পাদিকা মঞ্জুলা ভট্টাচাৰ্যই।
সংবাদমেলত ভট্টাচাৰ্যই কয় যে অসমৰ লোকসংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবেই তেওঁলোকে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে। এই ৰেকৰ্ডৰ বাবে বিহুনৃত্যৰ সম্পূৰ্ণ পৰম্পৰাগত শৈলী তেওঁলোকে প্ৰদৰ্শন কৰিব। ইয়াৰ উপৰি এই বিহুনৃত্যত ২০যোৰ ম'হৰ শিঙৰ পেঁপা, তাল, গগনা সংগত কৰা হ'ব বুলি তেওঁ সদৰী কৰে৷। আনহাতে, ৭ মিনিট সময় প্ৰদৰ্শিত হ'বলগা এই বিহুনৃত্যত সৰুদৈয়া জাপিও ২০০-৩০০ প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠান আয়োজন সন্দৰ্ভত সম্পাদিকা ভট্টাচাৰ্যই জানিবলৈ দিয়ে যে ইয়াৰ বাবে তেওঁলোকে ইতিমধ্যে সম্পূৰ্ণ লিখিত অনুমতি লাভ কৰিছে আই ডব্লিউ আৰ কৰ্তৃপক্ষৰ পৰা।
এই প্ৰদৰ্শনৰ সময়ত আই ডব্লিউ আৰৰ দুজন বিচাৰকে অংশগ্ৰহণ কৰি নিৰ্ণয় কৰিব ইণ্ডিয়ান বুক অব্ ৱৰ্ল্ড ৰেকৰ্ড। বিশ্ব ৰেকৰ্ডৰ বাবে সম্পূৰ্ণ দলটো ইতিমধ্যে সাজু কৰা হৈছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। উল্লেখ্য যে দলটোক প্ৰশিক্ষণ প্ৰদান কৰিছে প্ৰাণজিৎ চেলেং, পাৰ্থজিত দত্ত আৰু মন্দিৰা বৰুৱাই। অৱশ্যে অনুষ্ঠানটো সফলভাৱে ৰূপায়ণৰ ক্ষেত্ৰত বৰ্তমান ঢুলীয়াৰ সংখ্য কম হৈ থকা বুলিও সদৰী কৰে। যদি কোনো আগ্ৰহী ঢুলীয়াই ইয়াত অংশগ্ৰহণ কৰিব বিচাৰে যোগাযোগ কৰিবলৈ আহ্বান জনায়। সংবাদমেলত উপস্থিত থাকে সন্থাৰ সভানেত্ৰী মন্দিৰা বৰুৱাৰ লগতে ভালেসংখ্যক সদস্য।
- Log in to post comments
- 8 views